NORTHEAST NOW (Assamese)
অসম

সোমবাৰৰ পৰা পুনৰ অসম বন্ধ!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 17, 2018 9:54 pm
assam Bandh

অহা ১৯ আৰু ২০ নৱেম্বৰত ৪৮ ঘণ্টীয়া অসম বন্ধ আহ্বানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোচ ৰাজবংশী সন্মিলনীয়ে।

বি টি চি-ক কেন্দ্ৰীয় শাসিত পৰিষদলৈ পৰিৱৰ্তনৰ ‘প্ৰস্তাৱ’ৰ প্ৰতিবাদত আৰু এই সন্দৰ্ভত অহা ১৯ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে এবছু আৰু এন দি এফ বিৰ ‘বৈঠক’ বাতিলৰ দাবীত এই বন্ধৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে।

“যদি কেন্দ্ৰীয় চৰকাৰে আলোচনা বাতিল নকৰে, তেন্তে উক্ত দিনটো আৰু ২০ নৱেম্বৰত ৪৮ ঘন্টীয়া অসম বন্ধ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,” গুৱাহাটী প্ৰে’ছ ক্লাবত শনিবাৰে ঘোষণা সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ দেৱৰ।

পৃথক বড়োলেণ্ডৰ দাবীদাৰ জইন্ট এক্সন কমিটিৰ সৈতে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি এ বি মাথুৰৰ বৈঠকত বি টি চি-ক কেন্দ্ৰীয় শাসিত পৰিষদলৈ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ লোৱা বুলি ওলোৱা এক খবৰক লৈ বি টি এ দি ‘ৰক্তাক্ত’ হোৱাৰ আশংকা কৰিছে কোচ ৰাজবংশী সন্মিলনীয়ে।

“বড়োসকলৰ দাবী পূৰণ কৰি বি টি এ ডিৰ ঠাইত য়ুনিয়ন টে’ৰিটৰিয়েল কাউন্সিল ঘোষণা কৰিলে বড়োলেণ্ড ৰক্তাক্ত হোৱাৰ আশংকা কৰিছো। য়ুটিচিৰ অন্তৰ্ভুক্ত হ’লে অবড়ো লোকসকলে দাসত্বৰ জীৱন অতিবাহিত কৰিব লাগিব,” শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলযোগে এই মন্তব্য সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ দেৱৰ।

‘প্ৰস্তাৱ’টোৰ তীব্ৰ বিৰোধিতা কৰি সংগঠনটোৱে গণতান্ত্ৰিক আন্দোলনৰ ‘ভাষা’ নুবুজা কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বাবেই সশস্ত্ৰ বিদ্ৰোহীৰ ‘প্ৰাসংগিকতা’ বৃদ্ধি পোৱাৰ আশংকা কৰিছে।

“বিজেপি চৰকাৰে গণতান্ত্ৰিক পদ্ধতিৰে কৰা আন্দোলনৰ ভাষা বুজি নাপায়। চৰকাৰে এনেধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে কোচ ৰাজবংশীৰ উগ্ৰবাদী সংগঠন ‘কমতাপুৰ লিবাৰে’চন অৰ্গেনাইজেশ্যন’ৰ প্ৰাসংগিকতা বৃদ্ধি পাব,” দেৱৰ আশংকা।

শেহতীয়া বৈঠকখনত অবড়ো প্ৰতিনিধিয়েও কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ প্ৰস্তাৱত চহী কৰা বুলি ওলোৱা বাতৰিটো তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে সংগঠনটোৱে। “দালাল প্ৰকৃতিৰ অবড়ো স্বয়ম্ভু প্ৰতিনিধিৰ নাম ৰাজহুৱা কৰিবৰ বাবে এ বি মাথুৰক আহ্বান জনাইছো,‘’ অবড়ো প্ৰতিনিধিৰ ‘সন্মতি’ত কোচ ৰাজবংশীৰ সমৰ্থন নাই বুলি সদৰী কৰি দেৱৰ মন্তব্য।

বি টি এ দিলৈ আহি সকলো পক্ষৰে মত ল’বৰ বাবে মধ্যস্থতাকাৰী মাথুৰক দাবী জনাইছে সন্মিলনীয়ে।