NORTHEAST NOW (Assamese)
অসম

অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ; খেলুৱৈক প্ৰতাৰণাৰ অভিযোগ

Posted by: এন ই নাও নিউজ November 28, 2018 11:04 pm
Mukut Medhi

অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদক মুকুট মেধিক আজি অৰ্থাৎ বুধবাৰে গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

খেলুৱৈক প্ৰৱঞ্চনা কৰাৰ অভিযোগত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত তথ্য মতে তেওঁৰ বিৰুদ্ধে শেহতিয়াকৈ হিমাচল প্ৰদেশত অনুষ্ঠিত হৈ যোৱা ১৪ বছৰ অনুৰ্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল প্ৰতিযোগিতাত অংশ লোৱা খেলুৱৈসকলক প্ৰতাৰণা কৰাৰ অভিযোগ আছে।

অভিযোগ অনুসৰি অসম অলিম্পিক সন্থাৰো প্ৰাক্তন সাধাৰণ সম্পাদক মেধিয়ে ‘বাস্কেটবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ’ অনুমোদন নোহোৱাকৈ খেলুৱৈসকলক হিমাচললৈ লৈ গৈছিল। যাৰ ফলত অসমৰ দলটোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাকৈয়ে তাৰ পৰা ওভতি আহিব লগীয়া হৈছিল।

উল্লেখযোগ্য যে অসমৰ দলটোক হিমাচললৈ লৈ যোৱাৰ বিনিময়ত তেওঁ খেলুৱৈসকলৰ অভিভাৱকৰ পৰা ধন আদায় কৰাৰো অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে।

পল্টন বজাৰ আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে ১৪ বছৰ অনুৰ্ধ্ব বাস্কেটবল খেলুৱৈৰ একাংশ  অভিভাৱকে দিয়া এজাহাৰৰ ভিত্তিত মুকুট মেধিক গ্ৰেপ্তাৰ কৰা হয়।