NORTHEAST NOW (Assamese)

বোকাখাতত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

May 13, 2020 2:06 pm · উত্তম শইকীয়া

মঙলবাৰৰ নিশা কাজিৰঙাৰ আৰক্ষীৰ অতিথিশালাত নিশাটো কটায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বোকাখাতৰ ধনশিৰিমুখত নিৰ্মীয়মান মৰিয়োহোলাৰ ডিফলুপথাৰ সংযোগী মথাউৰি পৰিদৰ্শন কৰে।

নিৰ্মানস্থলী পৰিদৰ্শন কালত মুখ্য মন্ত্ৰীয়ে বানপানী অহাৰ আগেয়ে ৩০ মে’ৰ ভিতৰত সকলো মথাউৰিৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক।

ক’ভিড ১৯ ৰ সংক্ৰমনৰ সময়ত ২০ লাখ কোটি টকাৰ পেকেজৰ ঘোষণা কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপনৰ লগতে ক’ভিড ১৯ যুঁজৰ সমান্তৰাল ভাৱে দেশও আত্ম নিৰ্ভৰশীল হ’ব লাগিব বুলি মন্তব্য কৰে।

ইফালে মুখ্য মন্ত্ৰীৰ লগত মথাউৰি পৰদৰ্শনৰ বাবে যোৱা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ ১৮ খন জিলাত ৩৮ টা মথাউৰি নিৰ্মাণ হৈ থকাৰ তথ্য প্ৰকাশ কৰে।

মন্ত্ৰী জনে মথাউৰি সমূহৰ নিৰ্মান সম্পূৰ্ণ নহ’লেও বিপদজনক স্থান সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে।

মথাউৰি নিৰ্মাণস্থলী পৰিদৰ্শনৰ পাছতেই মুখ্য মন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰলৈ বুলি যাত্ৰা কৰে।

এছিয়ান ডেভ’লপমেন্ট বেংকৰ অৰ্থ সাহায্যৰে নিৰ্মিত এই ২৩ কিঃ মিঃ দৈৰ্ঘ্যৰ মথাউৰিটোৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শনৰ সময়ত মুখ্য মন্ত্ৰীৰ সৈতে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাচা উপস্থিত থাকে।

Related News