NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচন সমাগত : মাজুলীত একাধিক আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

Posted by: মিটু খাটনিয়াৰ March 6, 2019 5:54 pm
নিৰ্বাচন সমাগত : মাজুলীত একাধিক আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত নিত্য নতুন আঁচনিৰ আধাৰশিলা স্থাপনৰ জৰিয়তে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ তৎপৰ হৈ পৰিছে শাষনাধিষ্ঠ বিজেপি চৰকাৰ। ইয়াৰ মাজতে মাজুলীত একাধিক আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে ভূমিহীন পৰিয়ালক ভূমি আবণ্টন পত্ৰ বিতৰণৰ বাবে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি মাজুলীত উপস্থিত হয়হি মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

আজি পুৱাৰ ভাগত গড়মূৰত উপস্থিত হোৱাৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে ডৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানতে সোণোৱালে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে প্ৰায় ৪.৯৮ কোটি টকা ব্যয়েৰে গড়মূৰৰ সমীপৱৰ্তী বৰুণ-চিতাদাৰচুক গাঁৱক হস্ততাঁত আৰু বয়নশিল্পৰ এখন ‘আদৰ্শ গাঁও’ হিচাপে গঢ়ি তুলিবলৈ লোৱা আঁচনিৰ আধাৰশিলা স্থাপন কৰে।

বিভাগটোৰ অধীনত কমলাবাৰীত ২০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা এটা ‘সূতা বেংক’ (য়াৰ্ণ বেংক)ৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানতে জিলাখনৰ পহুমাৰাত ৰাজ্যৰ কাৰিকৰী শিক্ষা বিভাগে ৫০ কোটি টকা ব্যয়েৰে স্থাপন কৰিবলৈ লোৱা এখন প’লিটেকনিক প্ৰতিষ্ঠান আৰু উজনি মাজুলীৰ কাৰ্কিচুকত ৰাজ্যিক পণ্যাগাৰ নিগমে প্ৰায় ৩ কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা এটা পণ্যাগাৰৰো আধাৰশিলা স্থাপন কৰে।

আনহাতে ১,৪৫০টা ভূমিহীন পৰিয়ালক মাটিৰ আবণ্টন পত্ৰ বিতৰণ প্ৰক্ৰিয়াও মুখ্য মন্ত্ৰীয়ে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। লগতে ৰাজ্যৰ চৰ উন্নয়ন বিভাগৰ অধীনত মাজুলী জিলাৰ দুখীয়া পৰিয়ালৰ ছাত্ৰীক বিনামূলীয়া চাইকেল-ছাতিৰ লগতে এনে দৰিদ্ৰ পৰিয়ালৰ মহিলাক চিলাই মেচিন, সৌৰশক্তি চালিত গৃহচাকি আৰু কৃষকক তাৰা হেণ্ডপাম্প বিতৰণ প্ৰক্ৰিয়াও উদ্বোধন কৰে।