NORTHEAST NOW (Assamese)
অসম

শিক্ষাৰ অধিকাৰ আইন: আৰ্থিক অনগ্ৰসৰ শিক্ষাৰ্থীৰ মাচুলক লৈ শিক্ষা বিভাগক ককৰ্থনা আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2023 12:02 pm

গুৱাহাটী উচ্চ ন্যায়ালয়ে খেদ প্ৰকাশ কৰে যে দেশত শিক্ষাৰ অধিকাৰ আইন (আৰ টি ই) থকা সত্বেও অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক বাৰে বাৰে গুৱাহাটীৰ ব্যক্তিগত বিদ্যালয়ত মাচুল আদায় কৰিহে নামভৰ্তি কৰিবলৈ দিয়া হয়।

মুখ্য ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণৰ সময়তে ৰাজ্যিক শিক্ষা বিভাগৰ অধিবক্তাক প্ৰশ্ন কৰে যে প্ৰথম পৰ্যায়ত এনে নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল লোৱা বিদ্যালয়সমূহৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক: নিলামত অভিলেখ মূল্যত বিক্ৰী হ’ল টিপু চুলতানৰ তৰোৱাল; কিমান উঠিল দাম?

আদালতে শিক্ষাৰ অধিকাৰ আইন ৰূপায়ণৰ সন্দৰ্ভত জনস্বাৰ্থ গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল।

আদালতৰ অন্তিম নিৰ্দেশ অনুসৰি আদালতত উপস্থিত থকা মাধ্যমিক শিক্ষা বিভাগৰ সচিবক এই আইনখন কাৰ্যকৰী কৰাটো নিশ্চিত কৰিবলৈ কোৱা হয়।

শিক্ষাৰ অধিকাৰ আইনৰ অধীনত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ পৰা চাউথ পইণ্ট স্কুলে মাচুল লোৱাৰ ক্ষেত্ৰত বিচাৰপীঠে কঠোৰ স্থিতি গ্ৰহণ কৰে।

বিচাৰপীঠে জোৰ দি কয় যে জনস্বাৰ্থৰ আবেদন যিয়েই নহওক কিয়, শিক্ষাৰ অধিকাৰ আইনৰ অধীনত যোগ্য দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাটো বিদ্যালয় বাধ্য।

লগতে পঢ়ক: আলৱাৰৰ ৰাকবৰ খান হত্যাৰ গোচৰত দোষী সাব্যস্ত ৪জন গোৰক্ষকক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

বিচাৰপীঠে বিষয়টো পৰৱৰ্তী ২৯ মে’ৰ বাবে তালিকাভুক্ত কৰে আৰু আইনৰ বিধিসমূহ কঠোৰভাৱে মানি চলিবলৈ কৈ পূৰ্বৰ নিৰ্দেশ উলংঘা হ’লে সংশ্লিষ্ট কৰ্তৃপক্ষক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।