NORTHEAST NOW (Assamese)
অসম

হাস্পাতালত সংকটজনক অৱস্থাত দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন; অন্তৰ্ৱতী জামিন উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী May 26, 2023 12:41 pm

উচ্চতম ন্যায়ালয়ে দিল্লীৰ আপ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনক ৬ সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে বিগত এবছৰ ধৰি বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত কাৰাবন্দী হৈ আছে। শাৰীৰিক অসুস্থতাৰ বাবে সত্যেন্দ্ৰ জৈনক ৬ সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে।

তিহাৰ কাৰাগাৰৰ বাথৰুমত পৰি গুৰুতৰভাৱে আহত হৈছে দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন। তেওঁক দিল্লীৰ দীনদয়াল উপাধ্যায় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বুধবাৰে নিশা তেওঁ তিহাৰ জেলৰ বাথৰুমত পিছলি পৰে। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক কেইবাদিনো কাৰাগাৰৰ চিকিৎসালয়তে পৰ্যবেক্ষণত ৰখা হৈছিল।

লগতে পঢ়ক: শিক্ষাৰ অধিকাৰ আইন: আৰ্থিক অনগ্ৰসৰ শিক্ষাৰ্থীৰ মাচুলক লৈ শিক্ষা বিভাগক ককৰ্থনা আদালতৰ

তিহাৰ জেলৰ মুখ্য জনসংযোগ বিষয়াই এই কথা নিশ্চিত কৰিছে। বাতৰি অনুসৰি পৰি যোৱাৰ ফলত জৈনে পিঠি, ভৰি আৰু কান্ধত আঘাত পাইছিল।

তিহাৰ কাৰাগাৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি সত্যেন্দ্ৰ জৈন পৰি যোৱাৰ বাবে সামান্য আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পূৰ্বে সত্যেন্দ্ৰ জৈনে বাথৰুমত পৰি মেৰুদণ্ডত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে সত্যেন্দ্ৰ জৈন চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে।

ইয়াৰ পূৰ্বে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনক সোমবাৰে মেৰুদণ্ডৰ সমস্যাত আক্ৰান্ত হোৱাত ছফদাৰজং হাস্পতাললৈ অনা হৈছিল। ছফদাৰজং হাস্পতালৰ এগৰাকী মুখপাত্ৰই কয় যে ‘জৈনে নিউৰ’চাৰ্জাৰী অ’পিডিৰ বাবে আহিছিল আৰু তাত থকা চিকিৎসকে তেওঁক পৰীক্ষা কৰিছিল। তেওঁক পুনৰ কাৰাগাৰলৈ লৈ যোৱা হয়। এবছৰত তেওঁৰ ৩৫ কেজি ওজন কমিছে।

লগতে পঢ়ক: বৈবাহিক জীৱনত দীৰ্ঘদিন ধৰি সংগীক যৌন সংগমৰ পৰা বঞ্চিত কৰাটো মানসিক নিষ্ঠুৰতা: আদালত

২০২২ চনৰ ৩১ মে’ত ইডিয়ে সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছিল। যোৱা সপ্তাহত জৈনৰ হৈ উচ্চতম ন্যায়ালয়ত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভীয়ে আদালতত কয় যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৩৫ কেজি কমিছে। তেওঁ আন বহু ৰোগতো ভুগি আছে।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে আপ নেতা তথা দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক চিকিৎসাৰ বাবে ছয় সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। যোৱা বছৰৰ মে’ মাহৰ পৰা তেওঁ তিহাৰ জেলত বন্দী হৈ আছিল। তিহাৰ জেলৰ বাথৰুমৰ ভিতৰত পিছলি পৰাৰ পিছত কাৰাগাৰত থকা আপ নেতাজনক লোক নায়ক হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।