NORTHEAST NOW (Assamese)

‘আজি চকু মেলি চাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে’; জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মা

November 22, 2020 10:42 am · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ছবি

আজি ৰাতিপুৱা অলপ সময়ৰ বাবে চকু মেলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

এই কথা সংবাদমেল যোগে জনাইছে GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই।

তেওঁ আৰু কয় “কালিতকৈ কিছু পৰিমাণে সংকটমুক্ত হৈছে। আশা কৰিব পাৰি তেওঁ ভাল হ’ব।”

ইয়াৰোপৰি, গগৈৰ অক্সিজেনৰ মাত্ৰা ৯৫-৯৭ আছে বুলি জনায় শৰ্মাই। লেব ইনভেষ্টিগেশ্যনত কিছু উন্নত হৈছে বুলিও তেওঁ জনায়।

মাল্টি অৰ্গেন ডিচ অ’ৰ্ডাৰৰ হোৱা বুলি জনায় তেওঁ লগতে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰসাৱৰ পৰিমাণ কম হৈ আছে আৰু এতিয়া ১০০ গ্ৰামকৈ প্ৰসাৱ ওলাই আছে।

প্ৰয়োজন সাপেক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ডায়ালেচিছ কৰা হ’ব বুলিও সংবাদ ম এলত সদৰী কৰিছে অধীক্ষ শৰ্মাই।

ইফালে AAIMSৰ চিকিৎসকৰ সৈতে ভিডিও কণফাৰেন্স যোগে আলোচনা কৰি আছে বুলি জনাইছে অভিজিত শৰ্মাই।

আনহাতে এতিয়াও পৰৱৰ্তী ২৪ ঘণ্টালৈকে সম্পূৰ্ণ সংকট মুক্ত বুলি গগৈক ক’ব নোৱাৰি বুলি ব্যক্ত কৰিছে শৰ্মাই।

উল্লেখযোগ্য যে, কালি non invensive ভেন্টিলেশ্যন ৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটা বাবে মেকানিকেল ভেন্টিলেশ্যনত চিকিৎসা চলাই থকা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

টিউবৰ সহায়ত কৃত্ৰিমভাৱে ভেন্টিলেশ্যনত উশাহ-নিশাহ লোৱাত সহায় কৰি থকা হৈছে গগৈৰ।

কালি আবেলিৰ পৰা গগৈৰ স্বাস্থ্য অলপ শোচনীয়ৰ ফালে গতি কৰিছিল। গগৈৰ কিডনী, হৃদপিণ্ড, লিভাৰৰ সাধাৰণ অৱস্থা বা ক্ৰিয়া প্ৰক্ৰিয়া যথেষ্ট পৰিমাণে কমি গৈছিল।

কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস লৈ থকাৰ পিছতো কিডনী হাৰ্টৰ কামবোৰ ঘূৰি আহিবৰ বাবে যিখিনি ঔষধ সেয়া সমান্তৰালকৈ যোগান ধৰি থকা হৈছে।

Related News