NORTHEAST NOW (Assamese)

৪০ লক্ষাধিক লোকৰ চকুপানী হৈ বৈছে ৰাজ্যৰ বানপানী, চৰকাৰী অৱহেলাৰ অভিযোগ

July 17, 2020 8:58 am · এন ই নাও নিউজ

ক’ৰ’ণাতংকৰ মাজতে এতিয়া ৰাজ্যৰ ২৭ খন জিলাত সংহাৰী বানে কালান্তক ৰুপ ধাৰণ কৰিছে।বানৰ ফলত এতিয়ালৈকে অসমত মৃত্যু ঘটিছে ৭১ গৰাকী লোকৰ।

২৭ খন জিলাৰ ভিতৰত বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা কেইখন হৈছে ক্ৰমে শোণিতপুৰ,বিশ্বনাথ চাৰিআলি,তিনিচুকীয়া,লখিমপুৰ,বঙাইগাওঁ,কামৰুপ,গোলাঘাট,

শিৱসাগৰ,ধেমাজী,বৰপেটা,ওডালগুৰি,গোৱালপাৰা,ডিব্ৰুগড,ধুবুৰী, নগাওঁ আদি।

ৰাজ্যৰ ৩২১৮ খন গাওঁ এতিয়া পানীৰ তলত। ১২ খন জিলাত সাত খন নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

বানাক্ৰান্ত জিলা সমূহত চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাইছে যদিও সেয়া পৰ্যান্ত নহয় বুলি বিভিন্ন জনে আপত্তি কৰিছে।

চৰকাৰে ক’ৰ’ণাক লৈ যিমান ব্যস্ত হৈছে তাৰ তুলনাত বান পীড়িতক লৈ  সিমান উদ্বিগ্ন হোৱা নাই বুলি বহুতেই বিষোদগাৰ প্ৰকাশ কৰা দেখা গৈছে।

চৰকাৰে ২৫ খন জিলাত ৭৪৮ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে আৰু তাত প্ৰায় ৫০ হাজাৰ লোকে আশ্ৰয় গ্ৰহণ কৰিছে ।

ৰাজ্যৰ শেহতীয়া বানত প্ৰায় ২২ লাখ পশুধন ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

কালান্তক বানে এইবেলি ৰাজ্যৰ ১৩১,৩৬৮ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰিছে।

বিহাৰ বা আন ৰাজ্যৰ বানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যেনে ধৰণৰ উদ্বিগ্নতা দেখুৱায় তেনে উদ্বিগ্নতা পিছে ৪০ লক্ষাধিক লোকৰ চকুপানী হৈ বোৱা অসমৰ বানৰ  ক্ষেত্ৰত এতিয়াও প্ৰদৰ্শন কৰা দেখা যোৱা নাই।

Related News