NORTHEAST NOW (Assamese)

মোদী প্ৰতিশ্ৰুতি: বানবিধ্বস্ত অসমক দিয়া হ’ব সকলো কেন্দ্ৰীয় সাহায্য

July 19, 2019 7:41 pm · এন ই নাও নিউজ
অসমৰ বিজেপি সাংসদৰ স্মাৰক পত্ৰ গ্ৰহণৰ অৱস্থাত প্ৰধান মন্ত্ৰী মোদী। ছবি- নৰ্থ ইষ্ট নাও।

বানবিধ্বস্ত অসমক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰিব কেন্দ্ৰই। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দিছে এই আশ্বাস।

এই সংক্ৰান্তত প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱা অসমৰ বিজেপি সাংসদৰ দল এটাক নৰেন্দ্ৰ মোদীয়ে এই আশ্বাস প্ৰদান কৰিছে।

প্ৰধান মন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰত প্ৰতিনিধি দলটোৱে অসমৰ বানাক্ৰান্ত অঞ্চলৰ বাবে সুকীয়া বিশেষ কেন্দ্ৰীয় সাহায্য দিয়াৰ বাবেও আবেদন জনাইছে।

“কাৰ্য্যকৰী বান ব্যৱস্থাপনা আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে বান নিয়ন্ত্ৰণ আৰু সীমান্ত অঞ্চল উন্নয়ন আঁচনিৰ অধীনত অতিৰিক্ত পুঁজি যোগানৰ কাৰণেও আমি আপোনাক আহ্বান জনাইছো,” অসমৰ বিজেপি সাংসদৰ স্মাৰক পত্ৰত উল্লেখ।

চলিত বানত সমগ্ৰ অসমেই ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধান মন্ত্ৰীৰ ধ্বজাবাহী প্ৰকল্পসমূহৰ অধীনত বিশেষ পেকেজৰ বাবেও তেওঁলোকে মোদীক গোহাৰি জনাইছে।

“প্ৰতি বছৰে এই ক্ষতি সংঘটিত হয় আৰু ই গোটেই অসম ৰাজ্যখনতে প্ৰভাৱ পেলায় আৰু ই ৰাজ্যবাসীৰ বাবে এক দুঃস্বপ্নসদৃশ হৈ পৰিছে,” স্মাৰক পত্ৰত উল্লেখ।

প্ৰতিনিধি দলটোৱে জনাই যে প্ৰধান মন্ত্ৰীয়ে তেওঁলোকৰ স্মাৰক পত্ৰ গ্ৰহণৰ লগতে সকলো কথা মনোযোগেৰে শুনিছে।

“প্ৰধান মন্ত্ৰীয়ে আমাৰ কথা অত্যন্ত মনোযোগেৰে শুনিছে আৰু সম্ভৱপৰ সকলো পদক্ষেপ লোৱাৰ আশ্বাস দিছে,” মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই নৰ্থ ইষ্ট নাওক জনায়।

প্ৰতিনিধি দলটোত অসমৰ বিজেপি সাংসদকেইগৰাকীৰ লগতে প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাও আছিল।

Related News