NORTHEAST NOW (Assamese)
অসম

গীতাঞ্জলিৰ পাণি গ্ৰহণ ফুটবল তাৰকা হলিচৰণ নাৰ্জাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2019 7:27 pm
Assam footbal player Holicharan Narzary weds Geetanjali

আই এছ এল তাৰকা অসমৰ হলিচৰণ নাৰ্জাৰী চিকিৎসা-ছাত্ৰী গীতাঞ্জলি দেউৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

বড়ো পৰম্পৰাৰে কোকৰাঝাৰ বাতাবাৰী গাঁৱৰ হলিচৰণৰ নিজ ঘৰত বুধবাৰে নিশা দুয়োৰে বিবাহ সম্পন্ন হৈ যায়।

গাঁৱৰ ৰাইজ, মিতিৰ-কুটুম্বৰ উপৰি বহু খেলুৱৈ আৰু বিভিন্ন ক্ষেত্ৰত নেতৃস্থানীয় লোক ফুটবল তাৰকাগৰাকীৰ বিয়াত উপস্থিত আছিল।

হলিচৰণৰ নৱবিবাহিতা পত্নীৰ ঘৰ বৰপেটা জিলাৰ হাউলীত। গীতাঞ্জলিয়ে ৰাজস্থানৰ উদয়পুৰত চিকিৎসা বিজ্ঞান পঢ়ি আছে।

আই এছ এলত নৰ্থইষ্ট ইউনাইটেদক পূৰ্বে প্ৰতিনিধিত্ব কৰা মিদফিল্ডাৰ হলিচৰণে সম্প্ৰতি কেৰালা ব্লাষ্টাৰ্ছৰ হৈ খেলি আছে।