NORTHEAST NOW (Assamese)
অসম

কণীয়ে যোগায় পুষ্টি, কিন্তু কিমানটা কণী খোৱাটো দেহৰ বাবে উপকাৰী জানো আহক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 15, 2022 8:06 am
কণীয়ে যোগায় পুষ্টি, কিন্তু কিমানটা কণী খোৱাটো দেহৰ বাবে উপকাৰী জানো আহক

শৰীৰত পুষ্টিৰ সঠিক যোগান পাবলৈ আমি নানা বিধ আহাৰ খাওঁ। আমিষ আহাৰ গ্ৰহণ কৰাসকলৰ খাদ্যত প্ৰায়ে কণী থাকেই। কণী দেহৰ বাবে অতি উপকাৰী।

কিন্তু বেছিকৈ কণী খালেও দেহৰ ক্ষতি হ’ব পাৰে। বিশেষকৈ লিভাৰৰ ৰোগত ভুগি থকা সকলৰ বাবে কণীৰ কুহুম ভাগত থকা প্ৰ’টিনৰ সলনি বগা অংশত থকা এলবুমিনৰ প্ৰয়োজনহে বেছি। সুস্থ লোক এজনে দিনত কেতিয়াবা ভালে কেইটা কণী খাই দিয়ে। এয়া স্বাস্থ্যৰ বাবে ভাল কথা নহয়।

পৰিপুষ্টিবিদসকলৰ মতে কণীত প্ৰ’টিনৰ লগতে প্ৰচুৰ পৰিমাণে ভিটামিন ৬, ভিটামিন ১২, ফলিক এচিড, পটাছিয়াম, মেগনেছিয়াম, ছডিয়াম, থিয়ামিন, লো, জিংক, ভিটামিন ডি আৰু আন বহুতো অত্যাৱশ্যকীয় উপাদান থাকে। এনে উপাদানসমূহ আমাৰ দেহটোক নিৰোগী কৰি ৰখাৰ বাবে প্ৰয়োজনীয়।

পৰিপুষ্টিবিদসকলৰ মতে সপ্তাহত তিনি বা চাৰিটাতকৈ অধিক কণী নোখোৱাই ভাল। কণীত থকা ‘এভিডিন’ নামৰ গ্লাইকোপ্ৰ’টিনে শৰীৰৰ ভিতৰত বায়োটিন শোষণ কৰাত বাধা দিয়ে। বায়োটিন হৈছে শৰীৰৰ এটা অতি প্ৰয়োজনীয় উপাদান। ই চুলি ভালে ৰখাত আৰু ছাল-নখ গঠন কৰাত সহায় কৰে। যদি বায়োটিনৰ অভাৱ অত্যাধিক হয় ই মস্তিষ্কৰ কাৰ্যক্ষমতাও হ্ৰাস হ’ব পাৰে। কণীৰ বগা অংশই এই বায়োটিন শোষণ প্ৰতিহত কৰে সেয়ে কণী পৰিমিত ৰূপত খাব লাগে।