NORTHEAST NOW (Assamese)
অসম

ৰূপকোঁৱৰৰ সৃষ্টিৰ বিকৃতকৰণঃ ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ পৰিণতিত “লভিতা” নাটৰ প্ৰদৰ্শন বন্ধৰ সিদ্ধান্ত আৱাহন থিয়েটাৰৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 15, 2022 10:27 am

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অনন্য সৃষ্টি “লভিতা” নাটকৰ আলম লৈ ৰচনা কৰা অভিজিত ভট্টাচাৰ্য্যৰ “লভিতা” নাটকখনে ৰূপকোঁৱৰৰ মূল সৃষ্টিক বিকৃত কৰা বুলি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হোৱাৰ পিছত আৱাহন থিয়েটাৰ গোষ্ঠীয়ে জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিক সন্মান জনাই নাট খনৰ প্ৰদৰ্শন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰে এই কথা প্ৰকাশ কৰিছে। অভিনেত্ৰীগৰাকীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিক বিকৃত কৰাৰ কোনো ধৃষ্টতা নাই বুলিও উল্লেখ কৰিছে। অভিজিত ভট্টাচাৰ্য্যৰ “লভিতা” নাটখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “লভিতা” নাটৰ ৰিমিক্স হিচাবে উপস্থাপন কৰাত ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল।

ছ’চিয়েল মিডিয়াতো নাট খনক বিকৃত কৰাৰ বাবে সমালোচনাৰ লহৰ উঠিছিল। ইয়াৰ মাজতে নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্য আৰু আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰে নাটক খনকলৈ গা এৰা দিয়া স্পষ্টীকৰণ দি দায় সাৰিব বিচাৰিছিল যদিও অসমৰ সংস্কৃতিপ্ৰেমী জনতাই নাটক খনৰ বিৰুদ্ধে নানান মাধ্যমত প্ৰতিবাদ অব্যাহত ৰাখিছিল।

আনকি স্বনামধন্য চিন্তাবিদ ডঃ হীৰেন গোহাইকে ধৰি আন বহুতে নাট খনৰ বিৰুদ্ধে স্বাক্ষৰ অভিযানতো ভাগ লৈছিল। সংবাদমাধ্যমেও আৱাহন থিয়েটাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অনন্য সৃষ্টি “লভিতা” নাটৰ বিকৃত ৰূপৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰি আহিছিল।

নৰ্থ ইষ্ট নাওত ধাৰাবাহিকভাৱে প্ৰচাৰ হৈছিল জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিক বিকৃত ৰূপ দিবলৈ চেষ্টা কৰাৰ বিৰুদ্ধে বহু বাতৰি।

অৱশেষত এনে প্ৰতিবাদ-প্ৰতিক্ৰিয়াৰ ওচৰত সেওঁ মানি থিয়েটাৰ গোষ্ঠীটোৱে নাট খনৰ প্ৰদৰ্শন বন্ধ কৰিব বুলি ঘোষণা কৰে।