NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 5, 2020 12:48 pm
শিৱসাগৰত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু দিৱস পালন কৰা হয়।

দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ উদ্যোগত শিৱসাগৰৰ দ’লমুখ চাৰিআলিস্থিত জয়দয়াল খেমকা মাতৃ সেৱা সদন প্ৰাংগণত প্ৰতিষ্ঠিত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখত ‘মৃত্যু জিনাৰ দিন’ হিচাপে পালন কৰে।

ক’ৰ’না মহামাৰীৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হয় ভূপেনদাৰ মৃত্যু দিৱস।

সাংবাদিক ৰাতু কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ সভাপতি ৰতন শইকীয়াই।

অনুষ্ঠানত উপস্থিত থাকে হিমাংশু নেওগ, পুতু বৰা, জাকিৰ খান, বাবলু দাসকে ধৰি বহু গণ্য মান্য ব্যক্তি।

উল্লেখ্য যে, শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান দিখৌপৰিয়া সন্মিলিত যুৱ সংঘই ১৯৯০ চনৰ পৰাই একেৰাহে সুধাকণ্ঠৰ জন্মদিন পালন কৰি অহাৰ লগতে বিগত ন বছৰ ধৰি মৃত্যু দিৱস পালন কৰি আহিছে।