NORTHEAST NOW (Assamese)
অসম

কৃষকৰ আন্দোলনৰ বাবে ৰেইলৱে বিভাগৰ লোকচান ১২০০ কোটি টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 5, 2020 12:20 pm

পঞ্জাৱত কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰা কৃষকসকলে ৰেইলৱে ষ্টেশ্যনত প্রতিবাদ নকৰাৰ সিদ্ধান্ত লৈছে।

কিয়নো বুধবাৰে ৰেইল বিভাগে প্ৰকাশ কৰে যে পঞ্জাৱত কৃষকৰ ‘ৰেইল ৰোকো’ আন্দোলনৰ ফলত ১,২০০ কোটিৰো অধিক লোকচান হৈছিল।

ৰেইলৱে ট্ৰেকৰ ওপৰত আন্দোলন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কৃষকসকলে কয় যে তেওঁলোকে কোনো কাৰণতে কেন্দ্ৰৰ হেচাত আন্দোলন কাৰ্যসূচী বন্ধ নকৰে।

আন্দোলনকাৰী কৃষকসকলে পঞ্জাৱ কেবিনেট মন্ত্ৰী সমিতিৰ আহ্বান অস্বীকাৰ কৰি কয় যে তেওঁলোকে যাত্ৰীবাহী বাহন চলাবলৈ সন্মতি প্ৰদান নকৰে।

প্ৰতিবাদকাৰী কৃষকসকলে কৈছে যে তেওঁলোকে পঞ্জাৱত কেৱল মালবাহী ৰেইল চলাৰহে অনুমতি প্ৰদান কৰিব।

চণ্ডিগড়ৰ কৃষক ভৱনত সকলো কৃষক সংগঠনৰ এক সভাৰ পিছত কৃষক নেতা জগমোহন সিঙে কয় যে আমি ৰেইলৱে ট্ৰেকৰ ধৰ্ণা কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত লৈছো কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব।

তেওঁ লগতে কয় যে তেওঁলোকে ষ্টেশ্যনৰ পৰা কিছু নিলগত আন্দোলন কৰিব।

উল্লেখ্য যে, কেন্দ্ৰই অলপতে বলৱৎ কৰা নতুন কৃষি আইন কেইখনৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা ৰাজনৈতিক দলসহ কৃষক নেতাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে।

বুধবাৰে পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙে তেওঁৰ সমৰ্থকসকলৰ সৈতে দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা প্ৰদৰ্শন কৰিছিল।