NORTHEAST NOW (Assamese)

অৰুণাচল সীমান্তত গুলীচালনাৰ সন্মুখীন অসমৰ বন বিষয়া

November 23, 2021 6:03 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত মঙলবাৰে পুৱা এজন বন বিষয়াৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে।

লখিমপুৰৰ ফৰেষ্ট বিট বিষয়া বনমালী নাৰাহ অৰুণাচল প্ৰদেশৰ এদল লোকৰ দ্বাৰা গছ কটা বন্ধ কৰিবলৈ ৰঙা ৰিজাৰ্ভ ফৰেষ্টলৈ যাওঁতেই এই ঘটনা সংঘটিত হয়।

পিছত লখিমপুৰ বন বিষয়া আৰু অসম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

ইয়াৰ পূৰ্বে ২০ নৱেম্বৰত অসম বন বিভাগৰ এজন জ্যেষ্ঠ বিষয়াক আন্তঃৰাজ্যিক সীমান্তৰ লখিমপুৰ জিলাৰ অৰুণাচল প্ৰদেশৰ কিছু লোকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

লখিমপুৰৰ বিভাগীয় বন বিষয়া (ডিএফঅ’) এ কে দেৱ চৌধুৰীক অৰুণাচল প্ৰদেশৰ একাংশ মানুহৰ দ্বাৰা আন্তঃৰাজ্যিক সীমাত লখিমপুৰৰ ৰঙা ৰিজাৰ্ভত লাঞ্ছনাৰ সমুখীন হৈছিল।

Related News