NORTHEAST NOW (Assamese)

পুনৰ এবছৰলৈ বৃদ্ধি ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিৰ ম্যাদ

July 10, 2019 10:00 am · এন ই নাও নিউজ
শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। ফাইল ছবি।

ৰাজ্যৰ মাধ্যমিক আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহত ঠিকাভিত্তিত নিয়োজিত হৈ থকা অতিৰিক্ত শিক্ষকসকলৰ চাকৰিৰ ম্যাদ পুনৰ এক বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই মঙলবাৰে এক অধিসূচনাৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে। অতিৰিক্ত শিক্ষকসকলৰ চাকৰিৰ ম্যাদ  যোৱা ১ মাৰ্চৰ পৰা  অহা ২৯ ফেব্ৰুৱাৰিলৈ পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে ২০১০ চনত নিযুক্তিপ্ৰাপ্ত হাইস্কুলৰ কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিৰ ম্যাদ অন্ত পৰিছিল যোৱা ২৮ ফেব্ৰুৱাৰিত। সেয়ে বিত্ত বিভাগৰ অনুমোদনৰ ভিত্তিত ৰাজ্য চৰকাৰে পুনৰ এবছৰৰ বাবে ম্যাদ বৃদ্ধি কৰে। কিন্তু তেওঁলোকৰ অন্যান্য চৰ্তাৱলী আগৰ দৰেই বাহাল থাকিব।

মন কৰিব লগীয়া যে ৰাজ্যখনত অতিৰিক্ত শিক্ষক আছে ৫, ৯৩১ গৰাকী। তেওঁলোকৰ চাকৰিৰ ম্যাদ উকলি যোৱা বাবে যোৱা মাৰ্চ মাহৰ পৰাই দৰমহাৰ পৰা বঞ্চিত হৈ আছিল।

উল্লেখ্য যে দীৰ্ঘদিন প্ৰাপ্য মজুৰি আদায় নোপোৱা আৰু চাকৰিৰ কোনো নিশ্চয়তা নথকাৰ বাবে ঠিকাভিত্তিক শিক্ষক সকলে দুৰ্বিসহ জীৱন কটাবলগীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে সময়ে সময়ে এই শিক্ষক সকলে বিভিন্ন ধৰ্ণা তথা প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে।

ইফালে টকাৰ অভাৱৰ বাবে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰা বুলি উদ্ভট মন্তব্য দি থৈছে শিক্ষামন্ত্ৰীয়ে।

Related News