NORTHEAST NOW (Assamese)

বহু প্ৰত্যাশিত শান্তি লৈ ভংগ হ’ল NDFBৰ কেউটা গোট, UPPLত ফেৰেংগা

March 10, 2020 9:44 pm · এন ই নাও নিউজ
Updated: March 10, 2020 9:49 pm

বহু প্ৰত্যাশিত শান্তিৰ বতৰা কঢ়িয়াই মঙলবাৰে ভংগ হ’ল এন ডি এফ বিৰ অন্তিমটো গোটৰ।

এন ডি এফ বি (ডি), এন ডি এফ বি (আৰ ডি) আৰু এন ডি এফ বি (এছ)ৰ পিছত মঙলবাৰে আনুষ্ঠানিকভাৱে ভংগ হ’ল গোবিন্দ বসুমতাৰী গোট এন ডি এফ বি (পি)।

কোকৰাঝাৰৰ চেৰফাইগুৰিত থকা খুমগুৰি ৱেষ্টাৰ্ন ডেজিগনেটেড কেম্পত সংগঠনটোৰ আনুষ্ঠানিক সমাপ্তি ঘোষণা কৰা হয়।

ইয়াৰ পূৰ্বে সোমবাৰে বাকী তিনিওটা গোটে একেলগে আনুষ্ঠানিক সমাপ্তি ঘোষণা কৰি বিবৃতি জাৰি কৰিছিল।

গোবিন্দ বসুমতাৰী নেতৃত্বাধীন গোটটোৰ এজন সদস্যই জনোৱা মতে, তেওঁলোকে এতিয়া দুইমু ফাউণ্ডেচন (Dwimu Foundation) নামৰ এক নন-প্ৰফিট বেচৰকাৰী সংস্থা গঠন কৰিব।

ইফালে, এন ডি এফ বি (এছ)ৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগাই কোকৰাঝাৰৰ দতমাত মঙলবাৰে আনুষ্ঠানিকভাৱে ইউ পি পি এলত যোগ দিছে।

কেন্দ্ৰৰ সৈতে শেহতীয়া বি টি আৰ চুক্তিৰ পিছতে এন ডি এফ বিৰ আটাইকেইটা গোটে এই সিদ্ধান্ত গ্ৰহণ কৰে।

Related News