NORTHEAST NOW (Assamese)

ৰাজ্যত ১ লাখ নিবনুৱাৰ নিযুক্তি; তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে গঠন দুখন সুকীয়া কমিটি

November 21, 2021 6:50 am · এন ই নাও নিউজ, গুৱাহাটী

অসম চৰকাৰে ৰাজ্যত ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে লোৱা লক্ষ্য পূৰণ কৰাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ শনিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

অসম চৰকাৰৰ বিভিন্ন বিভাগত নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ১লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে বৈঠকত আলোচনা কৰা হয়।

এই বৈঠকত মুখ্য সচিব  জিষ্ণু বৰুৱা, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে ৷

বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত নিযুক্তিৰ বাবে  অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত দুখন পৃথক নিযুক্তি আয়োগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তদুপৰি, অসম লোকসেৱা আয়োগৰ অধীনত বিভিন্ন অভিযান্ত্ৰিক সেৱাৰ বাবে এক সন্মিলিত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভতো শনিবাৰৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Related News