NORTHEAST NOW (Assamese)
Popular Stories

অসম চৰকাৰৰ চাকৰিয়ালৰ মাৰ্চ মাহৰ দৰমহাৰ ১০-২০% কৰ্তনৰ সিদ্ধান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2020 6:10 pm
himanta-biswa-sarma

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লগতে ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই অনুসৰি ৰাজ্য চৰকাৰৰ অধীনস্থ চাকৰিয়ালসকলৰ মাৰ্চ মাহৰ দৰমহাৰ ১০ৰ পৰা ২০ শতাংশ কৰ্তন কৰিব। ৰাজ্যিক কৰ্মচাৰী পৰিষদৰ সৈতে আজি এক বৈঠকত মিলিত হোৱাৰ পিছত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ঘোষণা কৰে।

লগতে পঢ়ক ৰাজ্যত শীঘ্ৰেই ৪০০০-৫০০০ ক’ৰ’না আক্ৰান্ত ব্যক্তিক একেলগে চিকিৎসা প্ৰদান কৰিব পৰাৰ ব্যৱস্থা হ’ব : হিমন্ত বিশ্ব শৰ্মা

অৱশ্যে কৰ্তন কৰা দৰমহা অহা বিত্তীয় বৰ্ষত ৪.৫% সূদত উভতাই দিয়া হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

বিত্ত বিভাগৰ উক্ত সিদ্ধান্তক কৰ্মচাৰী পৰিষদে আদৰণি জনোৱা বুলি জানিবলৈ দি মন্ত্ৰী শৰ্মাই লগতে কয় যে অসম চৰকাৰে ক’ৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে নিৰ্মাণ কৰিবলগীয়া ৫খন ICU যুক্ত অস্থায়ী চিকিৎসালয়ৰ বাবে কৰ্মচাৰী পৰিষদে অনুদান আগবঢ়াব।

উল্লেখযোগ্য যে এই পৰ্যন্ত অসমত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা কোনো লোক ধৰা পৰা নাই যদিও ভাৰতৰ আন আন ৰাজ্যত ই ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে। উত্তৰ-পূবৰ মণিপুৰ আৰু মিজোৰামকে ধৰি দেশত এতিয়ালৈকে মূঠ ৭৯৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।