NORTHEAST NOW (Assamese)
Uncategorized

ফলাফলৰ পিছতে চৰ্চাত জিলা ভিত্তিক প্ৰদৰ্শন: তামুলপুৰ-বাক্সাৰ চমক, কেনে আছে বাকী জিলাসমূহ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 28, 2026 11:30 am
ফলাফলৰ পিছতে চৰ্চাত জিলা ভিত্তিক প্ৰদৰ্শন: তামুলপুৰ-বাক্সাৰ চমক, কেনে আছে বাকী জিলাসমূহ?

সমগ্ৰ ৰাজ্যৰ প্ৰায় ৩.৩ লাখ পৰীক্ষাৰ্থীৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান ঘটাই অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদে আজি ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰে। চলিত বৰ্ষৰ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ ৰাজ্যৰ ৮২১ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাত সৰ্বমুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ঘোষণা কৰা ফলাফল অনুসৰি বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ৮৯.৭৯ শতাংশ হোৱাৰ বিপৰীতে বাণিজ্য শাখাত ৮১.১৩ শতাংশ আৰু কলা শাখাত ৭৯.৫৪ শতাংশ শিক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰিছে।

জিলা ভিত্তিক ফলাফলৰ ক্ষেত্ৰত বিজ্ঞান শাখাত তামুলপুৰ জিলা ৯৮.৩৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত থকাৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং জিলা ৯৮.৩৬ শতাংশৰে দ্বিতীয় স্থানত আছে। বিজ্ঞান শাখাত ধেমাজি জিলাৰ প্ৰদৰ্শন আটাইতকৈ দুৰ্বল বুলি চিহ্নিত হৈছে, য’ত উত্তীৰ্ণৰ হাৰ ৭০.০৩ শতাংশ। বাণিজ্য শাখাৰ ফলাফলত মাজুলী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাই এশ শতাংশ উত্তীৰ্ণৰে চমকপ্ৰদ সফলতা দেখুৱাইছে। বাণিজ্য শাখাত ধুবুৰী জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন ৬৮.২৩ শতাংশ হিচাপে ৰেকৰ্ড কৰা হৈছে।

কলা শাখাৰ ফলাফলত বাক্সা জিলাই ৯৪.২৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছে। এই শাখাত দৰং জিলা ৯২.৯৯ শতাংশ আৰু লক্ষীমপুৰ জিলা ৯০.৩৫ শতাংশৰে আগশাৰীৰ স্থানত আছে। আনহাতে, কলা শাখাত কাছাৰ জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন ৫৯.৮৩ শতাংশ বুলি জানিব পৰা গৈছে। সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যতে ফলাফলক লৈ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে।

শাখা (Stream)সৰ্বোচ্চ উত্তীৰ্ণৰ হাৰ (Highest %)সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ (Lowest %)সামগ্ৰিক উত্তীৰ্ণৰ হাৰ (Grand Total)
বিজ্ঞান (Science)তামুলপুৰ (৯৮.৩৯%)

পশ্চিম কাৰ্বি আংলং (৯৮.৩৬%)
ধেমাজি (৭০.০৩%)৮৯.৭৯%
বাণিজ্য (Commerce)মাজুলী (১০০%)

দক্ষিণ শালমাৰা (১০০%)
ধুবুৰী (৬৮.২৩%)৮১.১৩%
কলা (Arts)বাক্সা (৯৪.২৯%)

দৰং (৯২.৯৯%)
কাছাৰ (৫৯.৮৩%)৭৯.৫৪%