NORTHEAST NOW (Assamese)

কমতাপুৰৰ সংগ্ৰাম কেৱল কোচ ৰাজবংশীৰ নহয়, প্ৰতিষ্ঠা দিৱসত বাৰ্তা কে এল অ’ৰ।Video|

December 28, 2018 11:28 pm · এন ই নাও নিউজ
Updated: December 31, 2018 10:25 am
কে এল অ’ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ দৃশ্য।

স্বাধীন কমতাপুৰৰ সংগ্ৰাম চলাই থকা কমতাপুৰ লিবাৰে’চন অৰ্গেনাইজে’চন চমুকৈ কে এল অ’ৰ “জাতীয় সংগ্ৰাম” কোচ ৰাজবংশীসকলৰে আচুতীয়া আন্দোলন নহয়।

কমতাপুৰত বাস কৰা বড়ো, মুছলমান, বাঙালীকে ধৰি সকলো সম্প্ৰদায়কে সংগ্ৰামত যোগ দিবলৈ আহ্বান জনাই সশস্ত্ৰ সংগঠনটোৰ ২৫ বছৰ পূৰ্তিত এই বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে মুৰব্বী জীৱন সিংহ কোচে।

“কোচ ৰাজবংশী, বড়ো, মেচ, কছাৰী, ৰাভা, হাজং, গাৰো, তেলি, মালি, যোগী, ব্ৰাহ্মণ, কলিতা, ভূত, লেপচা, গোৰ্খা, চাওতাল, মুছলিম আৰু বাঙালী (১৯৪৬ চনৰ পূৰ্বে অহাসকল) আদি কমতাপুৰৰ সকলো সম্প্ৰদায়েই কমতাপুৰী নাগৰিক। আৰু সেয়ে তেওঁলোক সকলোৱে জাতীয় সংগ্ৰামত অংশগ্ৰহণ কৰা উচিত,” ২৮ ডিচেম্বৰত সংগঠনটোৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত কে এল অ’ৰ হৈ এই ঘোষণা সিংহৰ।

“ঔপনিৱেশিক” ভাৰত ৰাষ্ট্ৰক মূল শত্ৰু বুলি উল্লেখ কৰি সংগঠনটোৱে কয়, “কমতাপুৰত ধৰ্মীয়, সাম্প্ৰদায়িক, গোষ্ঠী আৰু বৰ্ণবাদৰ কোনো ঠাই নাই।”

কমতাপুৰীসকল কোনোকালে ভাৰতীয় নাছিল আৰু ভৱিষ্যতেও ভাৰতীয় নহয় বুলি ঘোষণা কৰি সাৰ্বভৌম ভূখণ্ডৰ বাবে সশস্ত্ৰ সংগ্ৰাম চলাই যোৱাৰ অংগীকাৰ ঘোষণা কৰিছে সংগঠনটোৱে।

১৯৪৮ চনৰ ২০ আগষ্টত কোচবিহাৰৰ মহাৰাজাৰ সৈতে বলপূৰ্বক চুক্তিৰে ঐতিহাসিক কমতাপুৰ ভূ-খণ্ডক ভাৰতৰ সৈতে চামিল কৰা হৈছিল বুলি কয় সংগঠনটোৱে।

Related News