NORTHEAST NOW (Assamese)
অসম

পথ সুৰক্ষাৰ সজাগতা : শিৱসাগৰত জিলা পৰিবহন বিভাগৰ বাটৰ নাট প্ৰদৰ্শন

Posted by: পার্শ্বজোতি গগৈ December 29, 2018 6:44 am
IMG-20181229-WA0002

শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ সহযোগত শুকুৰবাৰে শিৱসাগৰ চহৰৰ বহুকেইটা স্থানত পথ সুৰক্ষাৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

দুচকীয়া যানবাহন চলাওতে আৰু উঠোতে হেলমেট পৰিধান কৰা, মোৱাইলত কথা পাতি আৰু মাদক দ্ৰব্য সেৱন কৰি গাড়ী বা বাইক চলালে কেনেদৰে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে তাকে বাটৰ নাটৰ জৰিয়তে প্ৰদৰ্শন কৰি জনসাধাৰণৰ মাজত পথ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

দ’লমুখ চাৰি আলি, শিৱসাগৰ অসামৰিক চিকিৎসালয় আৰু নগৰৰ প্ৰতিটো গাড়ী আস্থানত এইদৰে বাটৰ নাট প্ৰদৰ্শন কৰে অভিনয় শিল্পীসকলে।

উল্লেখযোগ্য যে শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ দ্বাৰা যোৱা ২৬ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে পথ সুৰক্ষা সজাগতা পালন কৰি অহা হৈছে। ২৮ ডিচেম্বৰত পথ সুৰক্ষাৰ অন্তিম দিনা বাটৰ নাটৰ আয়োজন কৰা হয়।

আনহাতে, পথ সুৰক্ষাৰ এই তিনি দিনীয়া কাৰ্য্যসূচীত জিলা পৰিবহণ বিভাগে  হেলমেত পৰিধান নকৰাকৈ বাইক চলোৱা, মোবাইলত  কথা পাতি যানবাহন চলোৱাৰ লগতে আন বিভিন্ন কাৰণত চালকৰ পৰা জৰিমনা সংগ্ৰহ কৰে।