NORTHEAST NOW (Assamese)

অৰুণাচলৰ হোটেলৰ পৰা সন্ধানহীন অসমৰ দেৱজিৎ দাস; সহায় বিচাৰিছে উদ্বিগ্ন পৰিয়ালে

February 10, 2024 2:19 pm · এন ই নাও নিউজ, ইটানগৰ

তিনিচুকীয়া জিলাৰ ডিগবৈৰ এজন ব্যক্তি অৰুণাচল প্ৰদেশৰ হুনলীৰ এখন হোটেলৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। নিৰুদ্দেশ হোৱা ডিগবৈৰ লোকজনৰ নাম দেৱজিৎ দাস। অৰুণাচল প্ৰদেশৰ হুনলীত থকা “Old Hotel 65km”ৰ পৰা নিৰুদ্দেশ হৈছে দেৱজিৎ দাস।

ডিগবৈৰ পৰা যোৱা দেৱজিৎ দাস অৰুণাচল প্ৰদেশৰ ইটালিন গাঁৱত ৰেহ উৎসৱৰ বাবে স্থাপন কৰা শব্দ ব্যৱস্থা (sound systems) পৰীক্ষা কৰিবলৈ তাত আছিল।

চাউণ্ড চিষ্টেমৰ ব্যৱস্থা নিৰীক্ষণ কৰাৰ পিছত দেবজিতে অৰুণাচল প্ৰদেশৰ ৰয়িঙলৈ উভতি অহাৰ সময়ত তেওঁ আৰু তেওঁৰ দলটোৱে অতিপাত নিয়ৰৰ বাবে নিশাটোৰ বাবে হুনলীৰ “Old Hotel 65km”ত থকাৰ ব্যৱস্থা বিচাৰিবলগীয়া হয়।

লগতে পঢ়কঃ ‘বিতৰ্কিত’ এনচিবিৰ বিষয়া সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ ইডিৰ; ৰুজু কৰিলে গোচৰ

কিন্তু পিছদিনা ৰাতিপুৱা দলটোৰ বাকীসকলে দেৱজিৎ দাসক তেওঁৰ হোটেলৰ কোঠাত বিচাৰি নাপালে বুলি জানিব পৰা গৈছে।

তেওঁলোকে তেওঁৰ সৈতে কোনো যোগাযোগ লাভ কৰা নাছিল আৰু তেওঁৰ ফোনটো বন্ধ হৈ থকা অৱস্থাত পোৱা গৈছিল। এইটোৱে তেওঁলোকৰ সন্দেহ বৃদ্ধি কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছে।

ইপিনে, অৰুণাচল প্ৰদেশৰ ৰয়িং থানাত ৰুজু হৈছে এক গোচৰ।

আনহাতে, অসমৰ পৰা গৈ নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ পৰিয়ালৰ লোকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, অৰুণাচল প্ৰদেশৰ ডিজিপি আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক সহায়ৰ বাবে আহ্বান জনাইছে।

লগতে পঢ়কঃ হঠাতে অসুস্থ অভিনেতা মিথুন চক্ৰৱৰ্তী, হাস্পাতালত ভৰ্তি

“ছাৰ অনুগ্ৰহ কৰি সহায় কৰক। ছাৰ, এই বাৰ্তাটো আপুনি ভালকৈ পাব বুলি আশা কৰিলোঁ। অসমৰ ডিগবৈ নিবাসী মোৰ ভাইটি দেৱজিৎ দাসক লৈ এটা দুখজনক বিষয় সন্দৰ্ভত জৰুৰী সহায় বিচাৰি লিখিছো। বিগত ছয় দিন ধৰি যোগাযোগৰ অভাৱত আমি তেওঁৰ মংগল আৰু সুৰক্ষাৰ বাবে গভীৰভাৱে চিন্তিত। অৰুণাচল প্ৰদেশৰ ৰয়িং থানাত ৰিপোৰ্ট দাখিল কৰাৰ পিছতো তেওঁক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত আমি কোনো গুৰুত্বপূৰ্ণ তথ্য বা অগ্ৰগতি লাভ কৰা নাই।’- সন্ধানহীন ব্যক্তিজনৰ ভগ্নী স্নিগ্ধা দাসে নিজৰ এক্স হেণ্ডেলত এইদৰে লিখিছে।

https://twitter.com/Snigdhaaa29/status/1755882550701281528?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1755882550701281528%7Ctwgr%5E8b8509d2ca06ae7f6f3e5792c4c887f65fb098bf%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fnenow.in%2Fnorth-east-news%2Fassam%2Fassam-man-missing-arunachal-pradesh-hotel.html

উল্লেখ্য যে বিগত ছয় দিন ধৰি অৰুণাচল প্ৰদেশৰ হোটেলৰ পৰা নিৰুদ্দেশ হৈ আছে অসমৰ পৰা দেৱজিৎ দাস।

Related News