NORTHEAST NOW (Assamese)

কেন্সাৰৰ সৈতে যুঁজিছে অসমৰ এমবিবিএছ ছাত্ৰই, সাহায্যৰ বাবে অসহায় সহপাঠীৰ আহ্বান

October 16, 2018 9:03 pm · মহেশ ডেকা
Updated: October 16, 2018 9:06 pm
মুম্বাইৰ টাটা মে’মৰিয়েল হস্পিটেলত চিকিৎসাধীন চৌধুৰী।

অসম চৰকাৰে কেন্সাৰ চিকিৎসাৰ উন্নত সুবিধা আগবঢ়োৱা বুলি দাবী কৰি অহাৰ পৰতে সহপাঠী এজনক এই মাৰাত্মক ৰোগৰ পৰা সুস্থ কৰি তোলাৰ বাবে সাহায্য বিচাৰি দেশজোৰা আহ্বান জনাইছে ৰাজ্যৰ এগৰাকী এম বি বি এছ ছাত্ৰীয়ে।

লিউকমিয়া (Acute Myeloid Leukaemia) নামৰ তেজৰ এবিধ কৰ্কট ৰোগত আক্ৰান্ত আব্দুৰ ৰহমান চৌধুৰী নামৰ ছাত্ৰজনৰ অতি খৰচী এক চিকিৎসা কৰোৱাৰ বাবে আৰ্থিক সাহায্য বিচাৰি কেইবাটাও টুইট কৰিছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ এম বি বি এছ ১ম বৰ্ষৰ ছাত্ৰী দেবপ্ৰিয়া ধৰে।

মুম্বাইৰ টাটা মে’মৰিয়েল হস্পিটেলত চিকিৎসাধীন চৌধুৰীক চিকিৎসকে অস্থি মজ্জা সংৰোপন (bone marrow transplant)ৰ পৰামৰ্শ আগবঢ়াইছে। কিন্তু এই চিকিৎসাৰ বাবে ছাত্ৰজনক প্ৰয়োজন প্ৰায় ৩৫-৪৫ লাখ টকা।

ৰোগাক্ৰান্ত ছাত্ৰজনৰ দেউতাক ২ বছৰ আগতে ঢুকোৱাৰ বাবে তেওঁৰ পৰিয়ালৰ ইমান ব্যয়বহুল চিকিৎসাৰ বাবে আৰ্থিক সামৰ্থ্য নাই বুলিও টুইটযোগে সদৰী কৰিছে দেবপ্ৰিয়াই।

আনহাতে চিকিৎসাৰ বাবে ধন গোতাবলৈ হাহাকাৰ কৰিব লগা ৰুগীয়া ছাত্ৰজনৰ বায়েক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ এম বি বি এছ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আয়েশাই।

https://twitter.com/Debapriya__D/status/1052145585510408192

অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে কিছু ধন সংগ্ৰহ কৰিছিল যদিও ছাত্ৰজনৰ চিকিৎসাৰ বাবে সেয়া পৰ্য্যাপ্ত নহয়।

ৰুগীয়া ছাত্ৰজনৰ সাহায্যাৰ্থে তেওঁৰ বেংক একাউণ্টত সদাশয় লোকে সাহায্য আগবঢ়াব পাৰে।

একাউণ্ট নাম- Abdur Rahman Choudhury, একাউণ্ট নম্বৰ- 8080811050903, বেংক- Yes Bank, আই এফ এছ চি (IFSC)- YESB0CMSNOC.

Related News