NORTHEAST NOW (Assamese)

বোকাখাতত অতুল বৰাৰ কেইবা কোটী টকীয়া ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন

August 10, 2019 9:54 pm · উত্তম শইকীয়া
ফটো নৰ্থ-ইষ্ট নাও

কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই বৰাই আজি বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অসম চৰকাৰৰ স্বাক্ষৰ প্ৰকল্পৰ অধীনত ৭৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এখন উন্নতমানৰ ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

ক্ৰীড়াৰ সকলো দিশ সামৰি ‘সৃষ্টি’ নামৰ এক অভিযান্ত্ৰিক গোটে এই অভিলাষী প্ৰকল্পৰ প্ৰাক কলন আৰু নক্সা প্ৰস্তুত কৰিছে।

‘সদ্যহতে আমি ১০ কোটি টকাৰ অনুমোদন পাইছো যদিও সৰ্বাংগ সুন্দৰ ৰূপত বোকাখাতৰ অত্যাধুনিক খেল গঢ়ি তুলিবৰ বাবে আমাক আৰু ধনৰ প্ৰয়োজন হ’ব, এই সম্পৰ্কত আমি অসম চৰকাৰক জনাইছো আৰু আশ্বাসো লাভ কৰিছো’ অতুল বৰাই কয়।

অনুষ্ঠানত মহকুমাধিপতি বিবেক শ্যাম আৰু জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়াই নিজৰ ভাষনত বোকাখাতৰ সংহত ক্ৰীড়া প্ৰকল্পৰ বিষয়ে সবিশেষ ডাঙি ধৰে।

উল্লেখযোগ্য যে এই প্ৰকল্পৰ অধীনত ক্ৰীড়া প্ৰকল্পৰ লগতে ভালে সংখ্যক বিপনীও নিৰ্মাণ কৰা হ’ব য’ত স্থানীয় নিৱনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব।

আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰাক্তন বিধায়ক বলোভদ্ৰ তামুলী, গোলাঘাটৰ জিলা ক্ৰীড়া বিষয়া মনোৰমা দাস, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, অগপৰ বোকাখাত জিলা সভাপতি জগত কলিতা, বিজেপিৰ জিলা সভাপতি জিতেন শৰ্মা, অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত আৰু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।

আনহাতে উক্ত অনুষ্ঠানৰ উপৰিও বোকাখাতৰ ছোৱালী স্কুলৰ খেলপথাৰ উন্নয়ণৰ বাবে অনুমোদিত ২০ লাখ টকাৰ আঁচনিৰো আজি শুভাৰম্ভ কৰে মন্ত্ৰী অতুল বৰাই।

Related News