NORTHEAST NOW (Assamese)

“আগৰ পৰাই কৈ আছিলো পেলনীয়া কাগজ হ’ব”, এন আৰ চিত অসুখী তৰুণ গগৈ

September 1, 2019 5:35 pm · কল্পজ্যোতি শইকীয়া
Updated: September 1, 2019 5:36 pm
দেওবাৰে সংবাদমেলত তৰুণ গগৈ।

তৰুণ গগৈ এন আৰ চিত সুখী নহয়। এই পঞ্জী “পেলনীয়া কাগজ” হ’ব বুলি পূৰ্বে কৰা মন্তব্য দেওবাৰে পুনৰ দোহাৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“মই সুখী নহয়। মই আগৰ পৰাই এইখন পেলনীয়া কাগজ হ’ব বুলি কৈ আছিলো,” ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা, বিধান সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৈতে যুটীয়াভাৱে সম্বোধন কৰা সংবাদমেলত গগৈৰ মন্তব্য।

“পেলনীয়া কাগজ” এন আৰ চিৰ পুনৰ মূল্যায়নো প্ৰাক্তন মুখ্য মন্ত্ৰীজনে নাকচ কৰিছে। “মই ইয়াৰ পুনৰীক্ষণ নিবিচাৰো,” গগৈয়ে কয়।

বিজেপি-অগপৰ ইছু এটাই বুলি উল্লেখ কৰি গগৈয়ে বিদেশী খেদাৰ প্ৰসংগত মন্তব্য কৰিছে।

“মোদীয়ে কৈছে তৰুণ গগৈয়ে বিদেশীক ৰঙা দলিচা পাৰি দিছে। তেওঁতো বিদেশী খেদাটো বাদেই এন আৰ চি খনেই ভালকৈ নকৰিলে,” তেওঁ কয়।

এন আৰ চিয়ে নতুন নতুন সমস্যাৰ সৃষ্টি কৰা বুলি মন্তব্য কৰি তেওঁ ইয়াৰ বাবে দায়িত্বত থকা চৰকাৰক দোষাৰোপ কৰে।

“দায়িত্ব পালন কৰাত তেওঁলোকে গুৰুত্ব নিদিলে,” গগৈয়ে কয়।

কংগ্ৰেছৰ দিনত ৪০/ ৫০লাখ বিদেশীক ৰক্ষণাৱেক্ষণ দিয়া বুলি শাসক মিত্ৰ বিজেপি আৰু অগপই অপপ্ৰচাৰ কৰিছিল, গগৈয়ে কয়। “তেনেহ’লে এতিয়া কিয় নোলালে?”

গগৈয়ে পূৰ্বৰ মুখ্য মন্ত্ৰী তথা বিদেশী বিতাড়ন আন্দোলনৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তকো সমালোচনা কৰে।

“যিজন মহন্তই ৫০লাখ (বিদেশী)ৰ কথা কৈছিল সেই মহন্তই এতিয়া ১৯ লাখ ওলাওঁতেই সন্তুষ্টি প্ৰকাশ কৰিছে,” তাৰমানে মহন্ত “মিছলীয়া” বুলি উল্লেখ কৰি গগৈৰ মন্তব্য।

গগৈৰ মতে, অগপয়ো অসমৰ বিদেশী সমস্যাৰ সমাধান নিবিচাৰে আৰু সেয়ে এন আৰ চিৰ কাম প্ৰফুল্ল মহন্তৰ দিনত আৰম্ভ কৰা নাছিল।

একে সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এন আৰ চি সন্দৰ্ভত কৰা মন্তব্যক “গুৰুত্ব নিদিয়াই ভাল” বুলিও গগৈয়ে মন্তব্য কৰিছে।

গগৈৰ মতে, হিমন্ত বিশ্ব শৰ্মাই “আচল মানুহ দেখুৱাবলৈ গৈছে”।

“এনে দেখুৱাব গৈছে যে সৰ্বানন্দ আচল মানুহ নহয় হিমন্তহে আচল। হিমন্ত বিশ্ব শৰ্মা দুই নম্বৰী সকলোৱে জানে। হিমন্ত বিশ্ব অসম চুক্তি ৰূপায়ণত ব্যৰ্থ হৈ এতিয়া ওলোটা খৰ মাৰিছে,” গগৈয়ে কয়।

মন্ত্ৰী শৰ্মাই অসমত হিন্দু-মুছলমানৰ নামত সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে বুলি গগৈয়ে মন্তব্য কৰে।

আনহাতে, বৰ্তমানৰ এন আৰ চিৰ ভিত্তি অসম চুক্তিক ভংগ কৰিবলৈ দিব নোৱাৰো বুলিও গগৈয়ে মন্তব্য কৰে।

এন আৰ চিত বাদ পৰা যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ লগত আমি আছো, গগৈয়ে কয়।

শনিবাৰে প্ৰকাশিত অসমৰ চূড়ান্ত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিবিষ্ট হৈছে।

দাবী আৰু আপত্তি দাখিল নকৰাসকলকে ধৰি মুঠ  ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে।

এন আৰ চি নাগৰিকৰ পঞ্জী, বিদেশী ঘোষণাৰ আইনী কাৰবাৰ ইয়াৰ আওতাত নাই।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত  ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।

Related News