NORTHEAST NOW (Assamese)
অসম

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2025 6:40 pm

কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নুপুৰ বৰা আৰু তেওঁৰ সহযোগী বৰপেটাৰ লাট মণ্ডল সুৰজিৎ ​​ডেকাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বিশেষ তদাৰকি শাখাই কেইবাটাও স্থানত অভিযান চলায়।

মালিগাঁৱৰ গোটানগৰৰ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেঞ্চৰ বিষয়াসকলে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰাৰ গহনা উদ্ধাৰ কৰে। ইয়াৰ উপৰিও বৰপেটাৰ দংগাৰকুছিত সুৰজিৎ ডেকাৰ বাসগৃহৰ পৰা প্ৰায় ১০ লাখ নগদ ধন জব্দ কৰা হৈছে।

জব্দ কৰা ধন আৰু গণনাৰ বাবে ভিজিলেন্সৰ বিষয়াসকলে ভাৰতীয় ষ্টেট বেংকৰ সহায় বিচাৰিছে।

সূত্ৰই জনোৱা মতে, বৰপেটা আৰু গোলাঘাটতো বৰাৰ বেংকৰ লকাৰ আছে, যিবোৰৰ ওপৰত চকু ৰাখিছে ভিজিলেঞ্চে।

খবৰ অনুসৰি বৰা আৰু ডেকা অৰুণাচল প্ৰদেশৰ পৰা যোৱা নিশাহে গুৱাহাটীলৈ উভতি আহিছিল। উভতি অহাৰ লগে লগে পুৱাৰ ভাগত এই অভিযান আৰম্ভ হয়।

২০১৯ চনত অসম অসামৰিক সেৱাত যোগদান কৰা বৰাই ইয়াৰ পূৰ্বে বৰপেটা আৰু কাৰ্বি আংলঙত কাৰ্যনিৰ্বাহ কৰিছিল। বৰপেটাত থকা কালত বহু কোটি টকাৰ ভূমি কেলেংকাৰীত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

লগতে অভিযোগ উত্থাপন হৈছে যে বৰপেটাত থকাৰ সময়তে নিজৰ স্বামীক একাষৰীয়া কৰি লাট মণ্ডল সুৰজিৎ ​​ডেকাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল নুপুৰ বৰাই। নুপুৰ বৰাৰ বাবেই সুৰজিৎ ডেকাই নিজৰ পত্নীক ঘৰৰ পৰা খেদি পঠোৱা বুলিও অভিযোগ উত্থাপন হৈছে।