NORTHEAST NOW (Assamese)

তেজপুৰত ১ কিলোগ্ৰামতকৈও অধিক নকল সোণৰ বিস্কুট জব্দ,এজনক আটক

September 17, 2021 5:30 pm · এন ই নাও নিউজ

শুকুৰবাৰে অসম পুলিচৰ এটা দলে তেজপুৰত অভিযান চলাই ১ কিলোগ্ৰামতকৈও অধিক নকল সোণ জব্দ কৰে।

“ আমি নকল সোণৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে অবিৰতভাৱে অভিযান চলাই আহিছো আৰু আজি তেজপুৰ পুলিচে এক সফল অভিযান চলাই নকল সোণৰ চোৰাং ৰেকেট এটা ধৰা পেলাবলৈ সক্ষম হয়। বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাৰ নেতৃত্বত এটা আৰক্ষী দলে আজি তেজপুৰৰ নপাম বজাৰৰ সমীপত অভিযান চলাই প্ৰায় ১.৪০০ কিলোগ্ৰাম ওজনৰ চাৰিখন নকল সোণৰ বিস্কুট জব্দ কৰে ।”- এক বিবৃতিত এইদৰে উল্লেখ কৰে শোনিতপুৰ আৰক্ষীয়ে।

Latest News :  নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত ল’লে জগদীশ মুখীয়ে

নকল সোণৰ বিস্কুটৰ সৈতে আৰক্ষীয়ে কুৰকাণী গাঁৱৰ কিতাব আলী নামৰ এজন ব্যক্তিকো আটক কৰে।

এইক্ষেত্ৰত বিতং তথ্য সংগ্ৰহৰ বাবে আৰু মূল ঘাটি উদ্ধাৰৰ লক্ষ্যৰে অনুসন্ধান আগবাঢ়িব বুলিও শোনিতপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related News