NORTHEAST NOW (Assamese)

চাকৰিৰ বাবে ধন দাবী; জামছেদপুৰৰ পৰা এজনক আটক অসম আৰক্ষীৰ

February 17, 2021 9:00 am · এন ই নাও নিউজ

স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বুলি চিনাকী দি এগৰাকী প্ৰাৰ্থীৰ পৰা চাকৰিৰ বিনিময়ত ধন দাবী কৰা বুলি প্ৰাৰ্থীগৰাকীয়ে দিয়া অভিযোগ অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে দাখিল কৰা এজাহাৰৰ ভিত্তিত অসম আৰক্ষীয়ে অভিযান চলাই এজন দুষ্কৃতিকাৰীক আটক কৰে।

অসম আৰক্ষীৰ অভিযানকাৰী দলটোৱে ৬ ফেব্ৰুৱাৰিত দুষ্কৃতিকাৰী গৰাকীক ঝাৰখণ্ডৰ জামছেদপুৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

জামছেদপুৰৰ পৰা আটক কৰা মহেন্দ্ৰ পাল নামৰ লোকজনৰ বিৰুদ্ধে প্ৰয়োজনীয় প্ৰমাণ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মহেন্দ্ৰ পালক আদালতত হাজিৰ কৰোৱাৰ পাছত বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

উল্লেখযোগ্য যে, স্বাস্থ্য সেৱা সঞ্চালকালয় আৰু স্বাস্থ্য সেৱা সঞ্চালকালয়(পৰিয়াল কল্যাণ)ৰ কেইবাটাও পদৰ বাবে বিগত ৩ আৰু ১০ জানুৱাৰি, ২০২১ তাৰিখে পৰীক্ষা অনুষ্ঠিত হৈছিল।

Related News