NORTHEAST NOW (Assamese)
অসম

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী July 3, 2022 6:37 am

No link with Terror outfit শুকুৰবাৰে বিয়লি ভাগৰ এটা খবৰ “মহানগৰীত গ্ৰেপ্তাৰ জামাতুল মুজাহিদিনৰ সদস্য (জেহাদী)!”।

মহানগৰীৰ গণেশগুৰিৰ দিছপুৰ গেষ্ট হাউছৰ পৰা জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰা হৈছিল ইনামুল হক নামৰ গেষ্ট হাউছটোৰ মেনেজাৰক ৷

কিন্তু নিশাজোৰা আৰক্ষী শীৰ্ষ বিষয়াই চলোৱা জেৰাৰ পাছতো জেহাদীৰে কোনো লিংক উলিয়াব নোৱাৰিলে ইনামুলৰ।

লগতে পঢ়ক: অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

অৱশেষত শনিবাৰে পুৱতি নিশাই স-সন্মানৰে নিজৰ ঘৰলৈ যাবলৈ দিয়া হয় ইনামুলক।

অৰ্থাৎ আৰক্ষীক কোনোৱে ইনামুলৰ বিৰুদ্ধে ভুৱা খবৰ বা তথ্য প্ৰদান কৰিছিল। যাৰ সত্য সত্যতা বিচাৰ নকৰি স্মাৰ্ট মহানগৰ আৰক্ষীয়ে জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰি ওৰে নিশা জেৰা চলাই অযথা হাৰাশাস্তি প্ৰদান কৰাহে দেখিবলৈ পোৱা গ’ল।

DCP সুধাকৰ সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি “প্ৰতিশোধ পূৰণৰ বাবেহে পৰিকল্পিতভাৱে ইনামূলক  ফঁচাবলৈ চেষ্টা কৰিছিল কোনোৱে৷ জেহাদীৰ ভুৱা পেড বনাই আৰক্ষীকো বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল।”

লগতে পঢ়ক: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

উল্লেখ্য যে, ইনামূলক আটক কৰি আৰক্ষীৰ পূব সংমণ্ডলৰ কাৰ্যালয়ত আনি নিশা জেৰা চলাইছিল মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তসহ কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াই৷