• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2022 7:43 pm
Jasprit Bumrah
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় দলৰ অধিনায়কত্ব লাভৰ পিছতে নতুন ৰূপত উজ্বলি উঠিছে যশপ্ৰীত বুমৰাহ। ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এজবাষ্টন টেষ্টত আজি খেলুৱৈ গৰাকীয়ে বিশ্ব ক্ৰিকেটত এক নতুন অভিলেখ গঢ়ি সকলোকে চমকিত কৰি তুলিছে।

কিন্তু হাতত বল লৈ নহয়, বেট লৈহে এক নতুন অভিলেখৰ গৰাকী হৈছে বুমৰাহ। ভংগ কৰিছে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী বেটাৰ ব্ৰায়ান লাৰাৰ অভিলেখ। ক্ৰিকেট ইতিহাসৰ কোনো মাৰমুখী বেটাৰে কৰিব নোৱাৰা এক চমক সৃষ্টি কৰিছে বুমৰাহে।

Apply Now

এজবাষ্টন টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতীয় দলৰ অধিনায়ক বুমৰাহে আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ১৬ টা বলত ৩১ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। এই ইনিংছটোত বুমৰাহে ইংলেণ্ডৰ অভিজ্ঞ বলাৰ ষ্টুৱাৰ্ট ব্ৰডক প্ৰায় বিধ্বস্ত কৰি এটা অভাৰতে ২৯ ৰাণ সংগ্ৰহ কৰে।

এইদৰে বুমৰাহে টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা অভাৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰত পৰিণত হয়। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ব্ৰায়ান লাৰাৰ নামত।

লাৰাই ২০০৩ চনত দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ ৰবীন পিটাৰচনৰ বলত এক অভাৰতে ২৮ ৰান সংগ্ৰহ কৰি বিশ্ব অভিলেখ গঢ়িছিল। লাৰাই অভাৰটোত মুঠ চাৰিটা চাৰি আৰু দুটা ছয় কোবাইছিল।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ জৰ্জ বেইলীয়েও এটা অভাৰত ২৮ ৰান সংগ্ৰহ কৰিছিল যদিও বাউণ্ডেৰীৰ হিচাপত বেইলীক লাৰাতকৈ পিছত স্থান দিয়া হয়। বেইলীয়ে ২০১৩ চনত ইংলেণ্ডৰে পেচাৰ জিমি এণ্ডাৰছনৰ বলত একেটা অভাৰত ২৮ ৰান সংগ্ৰহ কৰিছিল।

ব্ৰডে মেচৰ ৮৪ তম অভাৰত চাৰিটা চাৰি আৰু দুটা ছয় হজম কৰিবলগীয়া হয়। তদুপৰি অভাৰটোত তেওঁ এটা ৱাইডসহ পাঁচ ৰান আৰু ন’বলো কৰে। আনহাতে অভাৰৰ অন্তিম বলটোত বুমৰাহে এক ৰান সংগ্ৰহ কৰে।

এইদৰে অভাৰটোত ছয় ৰান অতিৰিক্তসহ মুঠ ৩৫ ৰান ব্যয়েৰে ব্ৰড টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা অভাৰত আটাইতকৈ খৰচী বলাৰ হিচাপে এক অনাকাংক্ষিত ৰেকৰ্ডৰ গৰাকী হয়। ইয়াৰ পূৰ্বে পিটাৰচন আৰু এণ্ডাৰছনৰ লগতে ইংলেণ্ডৰ পূৰ্ব অধিনায়ক জ’ ৰুটৰ নামত থকা অভিলেখ ভংগ কৰে ব্ৰডে।

এই আটাইকেইজন বলাৰৰ নামত আছিল এটা অভাৰত ২৮ ৰানকৈ ব্যয়ৰ বিশ্ব ৰেকৰ্ড। উল্লেখ্য যে টেষ্টৰ লগতে ব্ৰডৰ নামত টি-২০ আন্ত:ৰাষ্টীয়তো সৰ্বাধিক ৰান ব্যয়ৰ ৰেকৰ্ড আছে। ২০০৭ চনৰ প্ৰথমবাৰৰ টি-২০ বিশ্বকাপত ভাৰতৰ যুৱৰাজ সিঙে ব্ৰডৰ এটা অভাৰত ছটা ছয় কোবাই ব্ৰডৰ নামত এই অনাকাংক্ষিত ৰেকৰ্ড লিপিবদ্ধ কৰিছিল।

আনহাতে এই দুৰ্দান্ত বেটিং প্ৰদৰ্শনৰ পিছত হাতত বল লৈও জিলিকি উঠিছে বুমৰাহ। ইংলেণ্ডৰ ইনিংছৰ আৰম্ভণিতেই আঘাত সানি দুটাকৈ উইকেট দখল কৰিছে তাৰকা বলাৰগৰাকীয়ে। বৰ্তমান বৰষুণৰ বাবে খেল স্থগিত ৰখাৰ সময়লৈ ইংলেণ্ডে দুই উইকেটত ৩১ ৰান সংগ্ৰহ কৰিছে।

ইয়াৰ পূৰ্বে ভাৰতে ঋষভ পন্ত (১৪৬) আৰু ৰবীন্দ্ৰ জাদেজাৰ (১০৪) শতকৰ সহায়ত ৪১৬ ৰাণত প্ৰথম ইনিংছ সামৰিছিল। ইংলেণ্ডৰ হৈ অভিজ্ঞ জিমি এণ্ডাৰছনে ভাৰতীয় দলৰ ৫ টা উইকেট দখল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd