NORTHEAST NOW (Assamese)

কেৰালাৰ পৰা উদ্ধাৰ অসমৰ ৯ যুৱতীক,মানৱ সৰবৰাহকাৰীয়ে প্ৰলোভন দি নিছিল বহিঃৰাজ্যলৈ

July 17, 2021 7:20 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

মাত্ৰ কিছুদিন পূৰ্বে তামুলপুৰৰ পৰা মানৱ সৰবৰাহকাৰীয়ে এগৰাকী মহিলাক তেওঁৰ কণমানি কন্যা সন্তানৰ সৈতে ফুচুলাই নি বিহাৰৰ পতিতালয়ত বিক্ৰী কৰাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই অসম আৰক্ষীয়ে অভিযান চলাই কেৰাৰ পৰা উদ্ধাৰ কৰিছে অসমৰ ৯ গৰাকীক যুৱতীক।

উদ্ধাৰ কৰা যুৱতী কেইগৰাকী অসমৰ হোজাই,নগাঁও,শোণিতপুৰ,মৰিগাঁও আৰু কামৰূপ গ্ৰাম্যৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

যুৱতী কেইগৰাকীক কেৰালাৰ থাম্পানুৰৰ পৰা অসম আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰে।

যুৱতীকেইগৰাকীক কামৰ প্ৰলোভন দি কেৰালালৈ নিয়া মুফাজুল হক আৰু ৰকবুল হুছেইনকো

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

মুফাজলৰ ঘৰ হোজাইত আৰু ৰকবুলৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে।

Related News