NORTHEAST NOW (Assamese)

সাৰদা কেলেংকাৰিত হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবীৰে চি বি আইৰ কাৰ্যালয় ঘেৰাও যুৱ কংগ্ৰেছৰ

February 5, 2019 11:48 pm · অনিৰ্বাণ পাঠক
Updated: February 5, 2019 11:51 pm

চি বি আইৰ অগণতান্ত্ৰিক পদক্ষেপৰ বিৰুদ্ধে ৰণচণ্ডী মূৰ্তি ধৰা বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে সাৰদা কেলেংকাৰিত হিমন্ত বিশ্বলৈ আঙুলি টোঁওৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতি ইয়াক লৈ তোলপাৰ হৈ উঠিছে।

একালৰ প্ৰভাৱশালী কংগ্ৰেছী তথা বৰ্তমান বিজেপি চৰকাৰখনৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্বৰ গ্ৰেপ্তাৰৰ দাবীত আজি গুৱাহাটীৰ বেতকুচিত থকা চি বি আইৰ কাৰ্য্যালয় ঘেৰাও কৰে সভাপতি কামৰুল ইছলাম চৌধুৰীৰ নেতৃত্বত যোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কৰ্মীসকলে। সাৰদা আৰু লুই বাৰ্জাৰ কেলেংকাৰিত শৰ্মা জড়িত আছে বুলি দাবী কৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোক তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় যুৱ কংগ্ৰেছীসকলে।

ইয়াৰ পাছতেই আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি তাৰ পৰা লৈ যায়। প্ৰতিবাদত বাধা প্ৰদান কৰা আৰক্ষীৰ সৈতে হতাহতিও হয় প্ৰতিবাদকাৰীসকলৰ।

যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা সাৰদা আৰু লুই বাৰ্জাৰ কেলেংকাৰিৰ দৰে বিয়াগোম কেলেংকাৰিত জড়িত আছে। কেৱল বিজেপিলৈ যোৱাৰ বাবেই তেওঁৰ সকলো দোষ নাইকীয়া হৈ গ’ল। চি বি আয়ে অসমত এই কেলেংকাৰিসমূহৰ তদন্ত লেহেমীয়া কৰি দিছে’’।

তেওঁ লগতে বিজেপি চৰকাৰে চি বি আইৰ ওপৰত হস্তক্ষেপ কৰি থকাৰ অভিযোগ আনি সংস্থাটোক ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত কৰাৰো দাবী উত্থাপন কৰে।

উল্লেখ্য যে, ৩ ফেব্ৰুৱাৰিত চি বি আয়ে সাৰদা কেলেংকাৰিত কলকাতাৰ আৰক্ষী আয়ুক্তক জেৰা চলাবলৈ যোৱা কাৰ্যত বাধা প্ৰদান কৰি অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে কেলেংকাৰিটোত হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছিল।

বিজেপিলৈ যোৱা বাবেই তেওঁ তদন্তৰ পৰা ৰেহাই পোৱা বুলিও মন্তব্য কৰিছিল বংগৰ নেত্ৰীগৰাকীয়ে। ইয়াৰ পাছতেই কালি গুৱাহাটীত এখন সংবাদমেলত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে দাবী কৰিছিল, ‘তদন্তৰ পৰা বাচিবলৈহে হিমন্তই বিজেপিলৈ গৈছিল’।

Related News