NORTHEAST NOW (Assamese)

৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ বিপণীৰ বাবে আবেদন আহ্বান অসম প্ৰকাশন পৰিষদৰ

November 26, 2020 5:58 pm ·
Updated: November 26, 2020 6:04 pm

অহা ৩০ ডিচেম্বৰ, ২০২০ৰ পৰা ১০ জানুৱাৰী, ২০২১লৈ বাৰদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া অসম প্রকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ বাবে বিপণী সংৰক্ষণ আৰু পঞ্জীয়নৰ প্রক্ৰিয়া ২৬ নৱেম্বৰ, ২০২০ৰ পৰা আৰম্ভ কৰা হৈছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এইদৰে কয় অসম প্ৰশাসন পৰিষদে।

অহা ১ ডিচেম্বৰ, ২০২০ৰ পৰা বিপণী পঞ্জীয়নৰ কাম আৰম্ভ কৰাৰ কথা আছিল যদিও প্রকাশক আৰু গ্ৰন্থ বিক্ৰেতাসকলৰ আগ্ৰহ আৰু অনুৰোধৰ বাবে ২৬ নৱেম্বৰ, ২০২০ৰ পৰাই এই প্রক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি জনাইছে পৰিষদে।

পৰিষদৰ সচিব প্ৰমোদ কলিতাই স্বাক্ষৰ কৰা বিবৃতিটোত লগতে কোৱা  হৈছে যে, আগ্ৰহী প্রকাশক আৰু গ্ৰন্থ বিত্ৰেতাসকলে অসম প্রকাশন পৰিষদৰ ৱেবছাইটৰ পৰা (www.publicationboardassam.com) গ্ৰন্থ বিপণীৰ ষ্টল সংৰক্ষণৰ বাবে আবেদন পত্ৰ ডাউনলোড কৰি ল’ব পাৰিব।

এই আবেদন পত্ৰ পূৰণ কৰি নিৰ্দিষ্ট নিৰিখৰ নগদ ধন অথবা বেংক ড্ৰাফ্টৰ যোগেদি পৰিষদৰ কাৰ্যালয়ত পোনে পোনে ডাকযোগে অহা ১০ ডিচেম্বৰ (২০২০)ৰ আগতে পোৱাকৈ জমা দিব লাগিব।

উল্লেখ্য, বিপণীৰ ষ্টলসমূহ লটাৰীযোগে আৱশণ্টন কৰা হ’ব।

ক’ভিড- ১৯ আৰু লকডাউনৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা গ্ৰন্থ উদ্যোগটোৰ প্রতি লক্ষ্য ৰাখি অসম প্রকাশন পৰিষদে গ্ৰন্থ বিপণীৰ ভাড়াৰ নিৰিখ ১০% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জনাইছে প্ৰকাশন পৰিষদে।

আনহাতে ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত গ্ৰন্থ উন্মোচন কৰিব বিচৰা ব্যক্তিসকলে অহা ২৭ নৱেম্বৰ (২০২০)ৰ পৰা পৰিষদৰ কাৰ্যালয়লৈ আহি যোগাযোগ কৰিব পাৰিব।

Related News