NORTHEAST NOW (Assamese)

গুৱাহাটীৰ পাণবজাৰত অসম প্রকাশন পৰিষদৰ নতুন গ্ৰন্থ বিপণী

February 20, 2021 7:53 pm · এন ই নাও নিউজ

গুৱাহাটী মহানগৰীৰ পাণবজাৰত অসম প্রকাশন পৰিষদৰ এখন গ্ৰন্থ বিপণী নতুনকৈ মুকলি কৰা হৈছে।

অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিযোগে জনায় যে অসমৰ অগ্রণী গ্ৰন্থ প্ৰকাশন গোষ্ঠী ‘বনলতা প্রকাশন’ৰ সহযোগত গুৱাহাটীৰ পাণবজাৰত এই নতুন বিপণীখন আৰম্ভ কৰা হৈছে।

অসম প্রকাশন পৰিষদে ইতিমধ্যে সমগ্র অসমৰে মুখ্য চহৰসমূহত এনেধৰণৰ গ্ৰন্থ বিপণী প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা লৈছিল।

এই পৰিকল্পনাৰ অংশ হিচাপে যোৰহাট, নলবাৰী আৰু উত্তৰ লখিমপুৰত এনেদৰে তিনি ঠাইত গ্ৰন্থ বিপণী পৰিষদে সফলতাৰে পৰিচালনা কৰি আছে।

গুৱাহাটীত নতুনকৈ আৰম্ভ কৰা এই বিপণীখনত প্রকাশন পৰিষদৰ উপৰি নেশ্যনেল বুক ট্ৰাষ্ট আৰু সাহিত্য অকাডেমিৰ গ্ৰন্থও উপলব্ধ হ’ব বুলি জনাইছে বিজ্ঞপ্তিযোগে।

Related News