NORTHEAST NOW (Assamese)

অসমত লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৭.৬৭ শতাংশ ভোটদান

April 19, 2019 8:27 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসমত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ হৈছে  ৭৭.৬৭ শতাংশ। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত পাঁচটা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

বৃহস্পতিবাৰে অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মঙলদৈত সৰ্বাধিক ৮১.৭৯ শতাংশ ভোটদান সম্পন্ন হৈছে। ইয়াৰ পাছতে সামান্য কম নগাঁৱত হৈছে ৮১.০৮ শতাংশ ভোটদান।

আনহাতে, দ্বিতীয় পৰ্যায়ত বাকী তিনিটা সমষ্টি ক্ৰমে কৰিমগঞ্জত ৭৪.১৮ শতাংশ, শিলচৰত ৭৩.৮৯ শতাংশ আৰু স্বায়ত্ত শাসিত সমষ্টিত ৭২.২১ শতাংশ ভোটদান হয়।

ইপিনে, দ্বিতীয় পৰ্যায়ত বিধানসভা সমষ্টি হিচাপে ভোটদানৰ সৰ্বাধিক অভিলেখ গঢ়িছে দলগাঁৱে। এই সমষ্টিত ৯০.৮৫ শতাংশ ভোটদান হৈছে। ইয়াৰ পাছতে লাহৰীঘাটত ৮৮ শতাংশ, হোজাইত ৮৫.৭৪শতাংশ, যমুনামুখত ৮৪.৫৬ শতাংশ আৰু লামডিঙত ৮৪.০৫শতাংশ হাৰত ভোটদান হয়।

সামগ্ৰিকভাৱে ইভিএমৰ দুই এটা বিজুতি আৰু পাহাৰীয়া জিলাত হোৱা পথ দুৰ্ঘটনাৰ ফলত ইভিএম ক্ষতিগ্ৰস্ত হোৱাৰ বাহিৰে ৰাজ্যখনত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ যায়।

বোকাজানত সংঘটিত পথ দুৰ্ঘটনাৰ ফলত ইভিএম ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ইয়াত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বনে নাই বা কেতিয়াকৈ হ’ব সেই বিষয়ে নিৰ্বাচন আয়োগে এতিয়ালৈ কোনো সিদ্ধান্ত ঘোষণা কৰা নাই।

Related News