NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

December 19, 2021 6:49 am · এন ই নাও নিউজ, গুৱাহাটী

Covid Update অসমত অ’মিক্ৰণ সংক্ৰমণৰ কোনো ঘটনা এতিয়ালৈকে পোহৰলৈ অহা নাই বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে আৰু দৈনিক সংক্ৰমণো নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি।

বিগত ২৪ ঘন্টাত ৰাজ্যখনত কোভিডত ৪ গৰাকী লোকৰ মৃত্যু ঘটিছে।

শনিবাৰৰ দিনটোত ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হৈছে ১১৯গৰাকী লোক।

এই সময়ছোৱাত ২৭,৫৮১ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৬১ গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৪৩ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬শতাংশ।

দেশত কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাৰ পাছত স্বাভাৱিকতে মানুহৰ মনত নতুনকৈ আশংকাৰ সৃষ্টি হৈছে।

বিশেষজ্ঞসকলে কোভিড প্ৰতিৰোধৰ বাবে সকলোকে মাস্ক পৰিধানকে ধৰি কোভিড বিধিসমূহ মানি চলাৰ পৰামৰ্শ দিছে। 

Related News