NORTHEAST NOW (Assamese)
অসম

Covid Update: ৰাজ্যত অব্যাহত কোভিডৰ দ্ৰুত সংক্ৰমণ; নতুনকৈ ২৪ ঘন্টাত কিমান হ’ল আক্ৰান্ত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 17, 2022 6:49 am
WhatsApp Image 2021-11-05 at 9.11.41 AM

দেশৰ লগতে অসমতো কোভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ ঘটনা অব্যাহত আছে। ভোগালী বিহু উদযাপনৰ মাজতে ৰাজ্যখনত কোভিড সংক্ৰমণৰ হাৰ প্ৰায় ৯শতাংশলৈ বৃদ্ধি পাইছে।  

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কোভিড-১৯ৰ দৈনিক সংক্ৰমণৰ মাজতে দেওবাৰে মুঠ ২৭০৯ গৰাকী লোক আক্ৰান্ত হৈছে।

বিগত ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৯১২ গৰাকী লোক।

ইপিনে, দেওবাৰৰ দিনটোত ৰাজ্যত কোভিডত ৫ গৰাকী লোকৰ মৃত্যু ঘটিছে।

বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৩০,৪৬ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

ৰাজ্যত বৰ্তমান কোভিড পজিটিভিটিৰ হাৰ হৈছে .৯৯ শতাংশ। সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯.৮৫ শতাংশ।