NORTHEAST NOW (Assamese)

Covid Update: ৰাজ্যত অব্যাহত কোভিডৰ দ্ৰুত সংক্ৰমণ; নতুনকৈ ২৪ ঘন্টাত কিমান হ’ল আক্ৰান্ত?

January 17, 2022 6:49 am · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ লগতে অসমতো কোভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ ঘটনা অব্যাহত আছে। ভোগালী বিহু উদযাপনৰ মাজতে ৰাজ্যখনত কোভিড সংক্ৰমণৰ হাৰ প্ৰায় ৯শতাংশলৈ বৃদ্ধি পাইছে।  

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কোভিড-১৯ৰ দৈনিক সংক্ৰমণৰ মাজতে দেওবাৰে মুঠ ২৭০৯ গৰাকী লোক আক্ৰান্ত হৈছে।

বিগত ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৯১২ গৰাকী লোক।

ইপিনে, দেওবাৰৰ দিনটোত ৰাজ্যত কোভিডত ৫ গৰাকী লোকৰ মৃত্যু ঘটিছে।

বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৩০,৪৬ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

ৰাজ্যত বৰ্তমান কোভিড পজিটিভিটিৰ হাৰ হৈছে .৯৯ শতাংশ। সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯.৮৫ শতাংশ।

Related News