NORTHEAST NOW (Assamese)
অসম

অসমত ক’ভিড সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫২ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2020 7:11 am

অসমত মঙলবাৰে পুনৰ পাঁচগৰাকী ক’ভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয়। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

আজি মৃত্যু হোৱা পাঁচগৰাকী লোকৰ সৈতে অসমত বৰ্তমানলৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯৫২ গৰাকীলৈ বৃদ্ধি পায়।

অসমত সোমবাৰৰ দিনটোত চাৰিগৰাকী ক’ভিড সংক্ৰমিত ব্যক্তিৰ মৃত্যু হৈছিল।

আজি মৃত্যু হোৱা ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে- ডিব্ৰুগড় জিলাৰ হৰেণ বৰকটকী(৭০), নৱনীতা মৰাণ মেধি(৩৮), তিনিচুকীয়াৰ ৰোমা চন্দা(৪২) আৰু কামৰূপ মহানগৰ জিলাৰ ধন কুমাৰ সিং(৭০), শিলা দাস(৫৬)।

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ ২০৯০০০ কৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ২০১০০০ কৈ অধিক লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

অসমত ক’ৰ’নাৰ পৰা আৰোগ্যৰ হাৰো ৯০ শতাংশ অতিক্ৰম কৰিছে।