NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?

December 25, 2021 6:43 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ যথেষ্ট নিম্নগামী হোৱাৰ লগতে সুস্থতাৰ হাৰ বৃদ্ধিয়ে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ থকাটো স্পষ্ট কৰিছে।

শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত ২গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৯৩ গৰাকী লোক। বৃহস্পতিবাৰে ৰাজ্যত মুঠ ১১৩গৰাকী লোক আক্ৰান্ত হৈছিল।

শুকুৰবাৰৰ দিনটোত ২৮,১১১ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৪৭ গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৩৩ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬ শতাংশ।

ইপিনে কোভিডৰ নতুন ভেৰিয়েন্ট অমিক্ৰণৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰ সময়ত অসমত এতিয়ালৈ মিক্ৰণ আক্ৰান্ত কোনো ৰোগীৰ সন্ধান পোৱা হোৱা নাই।

অৱশ্যে, বিশেষজ্ঞসকলে কোভিডৰ তৃতীয় লহৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক কোভিড বিধিসমূহ মানি চলিবলৈ আহ্বান জনাই আহিছে। 

Related News