NORTHEAST NOW (Assamese)

অসমত ধৰা পৰিল প্ৰথম অমিক্ৰনৰ ঘটনা,পৰীক্ষাত নিশ্চিত হ’ল তিনি ছাত্ৰ সংক্ৰমিত হোৱাৰ তথ্য

December 30, 2021 12:18 pm · অভিক চক্রবর্তী, ডিব্ৰুগড়
Updated: December 30, 2021 12:23 pm

অৱশেষত অসম আহি পালেহি কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰন।

দেশৰ বিভিন্ন ৰাজ্যত অমিক্ৰনৰ আশংকা বৃদ্ধি পোৱাৰ সময়তে অসমতো তিনিজনকৈ বিদেশী ছাত্ৰ কোভিডত আক্ৰান্ত হোৱাৰ কথাই উদ্বেগ বঢ়াই তুলিছিল।

শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা আফ্ৰিকাৰ ছাত্ৰ কেইজনৰ কোভিডৰ পৰীক্ষাৰ ফলাফল পজিটিভ অহাৰ পিছতে তেওঁলোকৰ নমুনা জিনোম অনুক্ৰমৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। লাহোৱালস্থিত ICMR-এ উদ্ভাৱন কৰা কিটত পৰীক্ষা কৰাৰ অন্তত ছাত্ৰ কেইজন অমিক্ৰনত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছে। এক বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

লক্ষ্যণীয় কথাটো হ’ল আক্ৰান্ত ছাত্ৰ কেইজনৰ দুটা নমুনাৰ পৰীক্ষা কৰোৱা হৈছিল ডিব্ৰুগড়ত থকা আইচিএমআৰৰ অধীনত থকা ৰিজিঅ’নেল মেডিকেল ৰিছাৰ্চ চেণ্টাৰত।

সেই দুটা পৰীক্ষাত অমিক্ৰন পজিটিভ পোৱা গৈছিল। তিনিওজন ছাত্ৰৰে নমুনা CSIR-North East Institute of Science and Technology (NEIST) লৈ প্ৰেৰণ কৰা হৈছিল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী বিষয়া অৰিঞ্জিত নাৰায়ণে প্ৰকাশ কৰা মতে কোভিডত আক্ৰান্ত তিনিজন আফ্ৰিকাৰ দেশৰ ছাত্ৰৰ ভিতৰৰ এজন কমোৰোছৰ ।

এম কম পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰজনে অলপতে তেওঁৰ দেশৰ পৰা উভতি আহিছিল আৰু কোভিডত আক্ৰান্ত বুলি নিশ্চিত হৈছিল।

বিশ্ববিদ্যালয় খনৰ আন্তৰ্জাতিক হোষ্টেলত থকা ২২ জন বিদেশী শিক্ষাৰ্থী আছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল পৰীক্ষাত প্ৰমাণিত হোৱাৰ পিছতো চৰকাৰে ৰাজ্যত অমিক্ৰন আক্ৰান্তৰ তথ্য প্ৰকাশৰ বিষয়টোৰ পৰা গা এৰাই চলা  পৰিলক্ষিত হৈছে।

Related News