NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 30, 2025 8:33 pm
ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

২০১৭-১৮ শিক্ষাবৰ্ষৰ সংখ্যালঘু আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰদান কৰা বৃত্তিৰ ক্ষেত্ৰত সংঘটিত বৃহৎ দুৰ্নীতিৰ পুংখানুপুংখ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা (এন এছ ইউ আই)-ৰ অসম শাখাই।

নগাঁৱৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৰ নগাঁও জিলাৰ সভাপতি পল্লৱজ্যোতি নাথে দাবী কৰে যে নগাঁও, হোজাই, মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত ২১খনকৈ বিদ্যালয়ত এটি সুসংগঠিত গোটে বৃত্তিৰ ধন অপব্যৱহাৰ কৰিছে। যাৰ ফলত বহু সংখ্যালঘু আৰু অনুচূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ প্ৰাপ্য বৃত্তিৰ পৰা বঞ্চিত হ’ব লগা হৈছে।

তেওঁ বৰ্তমানৰ অপৰাধ অনুসন্ধান বিভাগৰ নেতৃত্বত চলি থকা তদন্তক লেহেমীয়া আৰু অসন্তোষজনক বুলি অভিহিত কৰি কয় যে কেলেংকাৰিৰ লগত জড়িত ৰাজনৈতিক নেতাসকলক ৰক্ষা কৰাৰ প্ৰচেষ্টা চলি আছে।

পল্লৱজ্যোতি নাথে লগতে কয়, এন এছ ইউ আইয়ে তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত বৃত্তি লাভ কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ নামৰ তালিকা সংগ্ৰহ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তেওঁলোকে সংশ্লিষ্ট বিদ্যালয় আৰু অঞ্চলসমূহত গতিৱিধি পৰ্যবেক্ষণ কৰি বৃত্তি প্ৰদানৰ তথ্য সঠিক নে নহয় সেইটো নিশ্চিত কৰাৰ চেষ্টা চলাইছে।

সংগঠনটোৱে দাবী কৰিছে যে এই ক্ষেত্ৰত কেৱল এখন স্বতন্ত্ৰ কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা সম্পাদিত তদন্তই হে ন্যায্যতা নিশ্চিত কৰিব পাৰে। লগতে, তেওঁলোকে ৰাজ্য চৰকাক এই কেলেংকাৰিৰ সম্পূৰ্ণ দায়িত্ব লোৱাৰ আহ্বান জনাইছে।