NORTHEAST NOW (Assamese)

থাইলেণ্ডত সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসমৰ খেলুৱৈ

April 11, 2019 11:43 am · এন ই নাও নিউজ

আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৩ গৰাকী প্ৰতিশ্ৰুতিসম্পন্ন সাঁতোৰ খেলুৱৈ। বেংককত অনুষ্ঠিত স্পীড’ থাইলেণ্ড আমন্ত্ৰণমূলক সাঁতোৰ প্ৰতিযোগিতাত অসমৰ ৩ সাঁতোৰ খেলুৱৈ বিক্ৰম চাংমাই, জ্ঞান সন্ধান কাশ্যপ আৰু শিৱাংগী শৰ্মাই ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰাপ্ত তথ্য মতে প্ৰতিযোগিতাখনত বিক্ৰম চাংমায়ে ২০০ মিটাৰ আৰু ১০০ মিটাৰ বাটাৰফ্লাইত দুটাকৈ সোণৰ পদক লাভ কৰে।

আনহাতে, জ্ঞান সন্ধান কাশ্যপে ২০০ মিটাৰ ফ্ৰীষ্টাইল আৰু ১০০ মিটাৰ ফ্ৰীষ্টাইলত দুটাকৈ ৰূপ পদক লাভ কৰাৰ লগতে ৮০০ মিটাৰ ফ্ৰীষ্টাইলত এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

তেওঁলোক দুগৰাকীৰ উপৰি শিৱাংগী শৰ্মাই ৪০০ মিটাৰ আই এম আৰু ৪০০ মিটাৰ ফ্ৰীষ্টাইলত লাভ কৰে দুটাকৈ ব্ৰঞ্জৰ পদক। আনাতে, প্ৰতিযোগিতাত উত্তৰা গগৈ আৰু ঋষীকেশ বৰা নামৰ অসমৰ আৰু দুগৰাকী খেলুৱৈ ভাগ লৈছিল, অৱশ্যে তেওঁলোকে পদক লাভ কৰিবলৈ সক্ষম নহ’ল।

Related News