বিধানসভাত কথা দিলে; অসমৰ ৰাইজক কম দামত ইজিপ্তৰ পিঁয়াজ খুৱাব ফণীভূষণ চৌধুৰীয়ে
বজাৰত পিঁয়াজৰ মূল্যই প্ৰতি কিলোগ্ৰামত ১০০ টকালৈ গতি কৰাৰ সময়ত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে সাধাৰণ জনতাক সকাহ দিয়াৰ উদ্দেশ্যে ইজিপ্তৰ পৰা পিঁয়াজ আমদানি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
অসম বিধানসভাৰ শীতকালীন অধিবেশনত বৃহস্পতিবাৰে খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ইজিপ্তৰ পৰা পিঁয়াজ আমদানি কৰাৰ কথা জানিবলৈ দিয়ে।
‘‘আমি ইজিপ্তৰ পৰা পিঁয়াজ আমদানিৰ পৰিকল্পনা কৰিছো। সাধাৰণ গ্ৰাহকে বজাৰত এই পিঁয়াজ ৫৫ টকা প্ৰতি কিলোগ্ৰামত লাভ কৰিব,’’ চৌধুৰীয়ে কয়।
অসমক প্ৰতিবছৰে ৪.৫ লাখ মেট্ৰিক টন পিঁয়াজৰ প্ৰয়োজন হয়।
উল্লেখযোগ্য যে, চলিত বৰ্ষত মহাৰাষ্ট্ৰৰ নাচিকত হোৱা ভয়াবহ বানপানীৰ বাবে সমগ্ৰ দেশত পিঁয়াজৰ নাটনিয়ে দেখা দিছে।
ভাৰত চৰকাৰে বাংলাদেশলৈ পিঁয়াজৰ ৰপ্তানি বন্ধ কৰাৰ লগতে এতিয়া নিজৰ দেশৰ পিঁয়াজৰ চাহিদা পূৰণৰ বাবে তুৰ্কীৰ পৰা পিঁয়াজ আমদানি কৰিব।
আনহাতে, দেশত পিঁয়াজৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত বিৰোধী দল, সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।