NORTHEAST NOW (Assamese)

অসম বন্ধৰ ঘোষণা, স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আলফাকে ধৰি ১৮ টা বিদ্ৰোহী সংগঠনৰ

August 11, 2024 9:18 pm · এন ই নাও নিউজ
Updated: August 11, 2024 7:19 pm

বিচ্ছিন্নতাবাদী সংগঠন এন এছ চি এন(ইয়ং আং) আৰু আলফা(স্বাধীন)এ ভাৰতৰ স্বাধীনতা দিৱস বৰ্জনৰ বাবে যৌথ আহ্বান জনাইছে। লগতে ১৫ আগষ্টত অসম, মণিপুৰ, নাগালেণ্ড, আৰু অৰুণাচল প্ৰদেশত সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে।

বিদ্ৰোহী গোটসমূহে স্বাধীনতা দিৱসৰ দিনা মাজনিশাৰ পৰা নিশা ৮:০০ বজালৈকে সম্পূৰ্ণ বন্ধ পালন কৰিবলৈ আহ্বান জনায়।

অৱশ্যে সংগঠনকেইটাই স্পষ্ট কৰি দিয়ে যে জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, আৰু ধৰ্মীয় কাৰ্য্যকলাপত কোনো বাধা আৰোপ কৰা নহ’ব।

এক যৌথ প্ৰেছ বিজ্ঞপ্তিযোগে বিদ্ৰোহী গোটসমূহে ভাৰতৰ স্বাধীনতা দিৱসক প্ৰতাৰণা ৰু “ঔপনিৱেশিক প্ৰতীক” বুলি অভিহিত কৰে।

তেওঁলোকে অভিযোগ কৰে যে যি সময়ত উত্তৰ পূৰ্বাঞ্চলে নিষ্ঠুৰ সামৰিক অত্যাচাৰ, অবাধ মানৱ অধিকাৰ উলংঘাৰ সৈতে যুঁজি আছে সেই সময়ত ভাৰতে স্বাভাৱিকতাৰ ভাবমূর্তি প্রক্ষেপ কৰাৰ চেষ্টা কৰিছে।

স্বাধীনতা দিৱসক ভাৰতীয় দখল অব্যাহত ৰখাৰ “দুখজনক সোঁৱৰণী” হিচাপে চিহ্নিত কৰি গোটসমূহে দৃঢ়তাৰে কয় যে হেৰুৱা সাৰ্বভৌমত্ব পুনৰ ঘূৰাই অনাৰ বাবে অপৰিসীম ত্যাগ কৰা বিদ্ৰোহী সেনাৰ বাবে এই দিনটোৰ কোনো তাৎপৰ্য নাই।

Related News