NORTHEAST NOW (Assamese)
অসম

হাজোত পথৰ ওপৰতে মৰিয়াই হত্যা শাক-পাচলিৰ ব্যৱসায়ীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 24, 2020 10:38 pm
Assam: Vegetable vendor beaten to death in road rage in Hajo

এগৰাকী শাক-পাচলি ব্যৱসায়ীক পথৰ ওপৰতে মৰিয়াই হত্যা কৰাৰ এক ভয়ংকৰ ঘটনা দেওবাৰে পোহৰলৈ আহে। যোৱা ২২ মে’ত হাজোৰ মনাকুচি গাঁৱত এই ঘটনা সংঘটিত হৈছিল।

আৰক্ষীৰ মতে, সনাতন ডেকা নামৰ শাক-পাচলিৰ বেপাৰীজনে চলাই অহা চাইকেলখনে দুৰ্ঘটনাবশতঃ ফাইজুল আলি নামৰ এজনে চলাই অহা গাড়ীত খুন্দা মাৰে।

“তাৰ পিছতে ফাইজুল আৰু তেওঁৰ বন্ধু নজদিন আলি গাড়ীৰ পৰা নামি আহে আৰু সনাতন আৰু তেওঁলোকৰ মাজত তৰ্কাতৰ্কি লাগে। অলপ পিছতে আৰু তিনিজন ব্যক্তিয়ে আহে আৰু পাঁচোজনে মিলি তেওঁক মাৰিবলৈ আৰম্ভ কৰে,” আৰক্ষী বিষয়াজনে কয়।

আৰক্ষীয়ে কয় যে গুৰুতৰভাৱে আঘাত পোৱা সনাতন ডেকাক হাজোৰ এখন চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

সনাতন ডেকা অঞ্চলটোৰ তেতেলিয়া গাঁৱৰ বাসিন্দা। তেওঁ কাৰখানাত শ্ৰমিকৰূপে কাম কৰিছিল কিন্তু চলিত লকডাউনত তেওঁ কৰ্মহীন হৈছিল।

জানিব পৰা মতে, অভিযুক্ত ফাইজুল আলি স্থানীয় অগপ নেতা এজনৰ ভাতৃ।

অভিযুক্ত ফইজুল আলি, নজদিন আলি, ছবিৰ আলি, ইউচুফ আলি আৰু ফিৰজাহান আলি বৰ্তমানো পলাতক অৱস্থাত আছে।