NORTHEAST NOW (Assamese)
অসম

বৰষুণৰ মাজতে মাজুলীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ মথাউৰি পৰিদৰ্শন

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ October 26, 2019 6:51 pm

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ মথাউৰিৰ স্পৰ্শকাতৰ অংশ পৰিদৰ্শন কৰে। শুকুৰবাৰে মাজুলীলৈ অহা জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি আগবেলা বিগত বাৰিষাৰ সময়ছোৱাত শংকাৰ সৃষ্টি কৰা ব্ৰহ্মপুত্ৰৰ হালধিবাৰী-বেছামৰা মথাউৰিৰ বনগাঁও অংশ পৰিদৰ্শন কৰে।

তেওঁক সহযোগ কৰে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়ৰ লগতে জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা অৰূপ বৰঠাকুৰ আৰু কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামীয়ে।

বৰষুণৰ মাজতে মন্ত্ৰী মহন্তই উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে মঠাউৰিটোৰ বনগাঁও অংশত থকা পুৰম, মেৰাগড়, ধোঁৱাচলা, কঢ়ালগাঁওসহ একাধিক স্পৰ্শকাতৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

উল্লেখযোগ্য যে যোৱা বাৰিষাৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ হালধিবাৰী-বেছামৰা মথাউৰিৰ এই অংশত উপৰ্যুপৰি পানীৰ উঁহ ওলোৱাৰ ফলত অত্যন্ত শংকাজনক পৰিস্থিতিৰ উদ্ভৱ হৈছিল।

জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগত জলসম্পদ বিভাগে দিনে-নিশাই যুদ্ধকালীন ক্ষিপ্ৰতাৰে উক্ত স্থানসমূহত জৰুৰী মেৰামতি কাৰ্য চলোৱাৰ বাবে এইবাৰৰ বাৰিষাত কোনো অঘটন নোহোৱাকৈ মথাউৰিটো ৰক্ষা পৰে।

আজি মথাউৰিৰ অৱস্থা পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে উপযুক্ত প্ৰতিকাৰমূলক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ প্ৰয়োজনীয় আঁচনি প্ৰস্তুত কৰিবলৈ বিভাগীয় শীৰ্ষ বিষয়া-অভিযন্তাক নিৰ্দেশ দিয়ে।

পিছত দুদিনীয়া মাজুলী ভ্ৰমণ সামৰি দুপৰীয়া মন্ত্ৰীগৰাকীয়ে অফলামুখ-নিমাতীঘাট হৈ গুৱাহাটী অভিমুখে ৰাওনা হয়।