NORTHEAST NOW (Assamese)
অসম

দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

Posted by: ময়ুখ গোস্বামী Updated by: ময়ুখ গোস্বামী October 26, 2019 7:05 pm
দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

‘মিনি কাজিৰঙা’ হিচাপে পৰিচিত দৰং জিলাৰ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰ্যটক সকলৰ বাবে মুকলি কৰে।

আজি দুপৰীয়া ভাগত ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল প্ৰৱেশদ্বাৰৰ ফিটা কাটি মুকলি কৰাৰ পিছতে বন বিভাগৰ মুৰব্বীসকলে মন্ত্ৰীগৰাকীক ফুলাম গামোচাৰে আদৰণি জনায়।

এই কাৰ্যসূচীত মঙলদৈ বন সংমণ্ডলৰ বিষয়া, সাংসদ দিলীপ শইকীয়া, মঙ্গলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, আৰক্ষী অধীক্ষক অমৃত ভূঞা, চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰসহ কেইবা শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।

কাজিৰঙাৰ পিছতে এশিঙীয়া গঁড়ৰ বাসস্থান তথা দেশ-বিদেশৰ পৰ্যটকৰ বাবে মুকলি কৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ১০০ তকৈয়ো অধিক এশিঙীয়া গঁড় থকাৰ লগতে প্ৰায় ২৪ টা বাঘ আছে।

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্যানখনৰ ভিতৰৰ বান বিধ্বস্ত পথসমূহ উন্নয়ন কৰাৰ লগতে দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যেও উদ্যানখন উন্নয়ন কৰাৰ কথা সাংবাদিকৰ আগত উল্লেখ কৰে।