NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীত চমক অসমৰ টাইকোৱানডো খেলুৱৈৰ, ২০টা পদক অৰ্জন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 5, 2019 10:20 am
27th Myanmar Southeast Asian Games_2013_12_19_Aundry Gan_K5II0872

নতুন দিল্লীত অনুষ্ঠিত তৃতীয়সংখ্যক দক্ষিণ এছিয়া মুকলি টাইকোৱানডো (আই টি এফ) প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশ লৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ ২৭ জনীয়া এটা দলে।

আয়োজক ভাৰতে প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ক্ৰমে ৭০টা সোণ, ৮৮টা ৰূপ আৰু ১১৫টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২৭৩টা পদক লাভ কৰিবলৈ সক্ষম হয়।

ভাৰতে লাভ কৰা ২৭৩টা পদকৰ ভিতৰত অসমৰ দলটোৱে ২০টা পদক লাভ কৰে। ইয়াৰে ৬টা সোণ, ৮টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে অসমৰ খেলুৱৈয়ে।

প্ৰতিযোগিতাখনত ভাৰতৰ হৈ অংশ গ্ৰহণ কৰি পদক বুটলিবলৈ সক্ষম হোৱা অসমৰ খেলুৱৈ কেইগৰাকী

সোণৰ পদক লাভ কৰা :  মনগ্ৰীভ গগৈ, ৰুহিনীতা টি দত্ত, শিৱ দে’, দৃশান গগৈ, কেশৱ সুৰেখা, অজয় কুমাৰ ৰয়

ৰূপৰ পদক লাভ কৰা : অমিত সেন, সুৰয বাছফৰ(দুটা), ৰবিকান্ত মুছাহাৰী, আকাংক্ষা ভৰদ্বাজ, হৰ্ষিতা দাস, আদিত্য বাকৰেডিয়া, দক্ষবৰ্ধন সুৰেখা।

উল্লেখ্য যে প্ৰতিযোগিতাখনত আয়োজক ভাৰতৰ উপৰি বাংলাদেশ, নেপাল, শ্ৰীলংকা, উজবেকিস্তান, আফগানিস্তান, মালয়েছিয়া, জাপান আদি ৰাষ্ট্ৰই ভাগ লৈছিল।